বড়োলেণ্ড

বাক্সাৰ মুছলপুৰত "ডুৰাণ্ড কাপ ট্ৰফী ভ্ৰমণ" কাৰ্যসূচী ৰূপায়ণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সা: এছিয়াৰ অতিকৈ পুৰণি ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক ফুটবল প্ৰতিযোগিতা আগন্তুক ৩০ জুলাইৰ পৰা ২৫ আগষ্টলৈকে কোকৰাঝাৰত আয়োজন কৰা হৈছে। তাৰ লগত সংগতি ৰাখি বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ ৫খন জিলাতে ১১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত ট্ৰফী ভ্ৰমণ আৰু প্ৰদৰ্শনৰ আয়োজন কৰিছে।

সেই উপলক্ষে শনিবাৰে বাক্সা জিলাৰ সদৰত থকা মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "ডুৰাণ্ড কাপ ট্ৰফী ভ্ৰমণ" কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি শনিবাৰে আবেলি বাক্সা জিলা সদৰেৰে ডুৰাণ্ড কাপ পৰিভ্ৰমণ কৰাই এক শোভাযাত্ৰা উলিওৱা হয়।

ভাৰতীয় সেনাবাহিনী, অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ যৌথ উদ্যোগত এই ট্ৰফী প্ৰদৰ্শনৰ সমদলটো পতাকা জোকাৰি শুভাৰম্ভ কৰে ভাৰতীয় সেনাবাহিনীৰ লুইটনেন্ত কৰ্ণেল শচীন তলৱাৰ আৰু বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। ইয়াৰ পিছতেই মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মুছলপুৰ এফ চি আৰু চাৰন্থাই স্পৰ্টছ ক্লাব বৰিমাখাৰ মাজত এখন প্ৰদৰ্শনী খেল অনুষ্ঠিত হয়।

ইপিনে ১৩ জুলাইত বাক্সা, ১৪ জুলাইত কোকৰাঝাৰ আৰু ১৫ জুলাইত ডুৰাণ্ড ট্ৰফী প্ৰদৰ্শন সমদল অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানত বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, পাৰিষদ মণ্টু বড়োকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।