বড়োলেণ্ড

স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত গছপুলি বিতৰণ কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙত লোক নিৰ্মাণ বিভাগৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন কৰা হয়। ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি মঙলবাৰে 'সেউজী ধৰণী' কাৰ্য্যসূচী গ্ৰহণ হয় ।

পুৱা কাজলগাঁৱৰ জিলাকেন্দ্ৰৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত লোক নিৰ্মাণ বিভাগৰ চৌহদত স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয়।জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভাই লোকনিৰ্মান বিভাগৰ কাৰ্য্যবাহী অভিযন্তা অৱনী শৰ্মাৰ সহযোগত ত্ৰিৰংগা পতাকা উত্তোলন কৰে ।

স্বাধীনতা দিৱসৰ লগতে সংগতি ৰাখি কাজলগাঁৱত জিলা পেৰেড গ্ৰাউণ্ডত ষ্টল বনাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নীম, আমলখি, মধুৰীআম, বকুল আৰু জাম আদিকে ধৰি ১,০০০ গছপুলি বিতৰণ কৰে । ইয়াৰোপৰি কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয় চৌহদত ১০০ টা ফলমূলৰ পুলি ৰোপণ কৰা হয়।