কোকৰাঝাৰত আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱস উদযাপনঃ ৰাজ্যপালৰ অংশগ্ৰহণ... 
বড়োলেণ্ড

কোকৰাঝাৰত আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱস উদযাপনঃ ৰাজ্যপালৰ অংশগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিকাশৰ বাবে প্ৰয়োজন শান্তিৰ। সুখৰ কথা যে অসমত শান্তি বিৰাজ কৰি আছে আৰু যাৰ বাবেই ৰাজ্যত বিকাশ হৈছে। এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই। আজি বিটিচি চৰকাৰৰ দ্বাৰা কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই উক্ত মন্তব্য প্ৰকাশ কৰে।

এদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ ভ্ৰমনলৈ অহা ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই বডোফা সাাংস্কৃতিক প্ৰকল্পত আয়োজিত হোৱা আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে। আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱস উদযাপনে শান্তি আৰু সদ্ভাৱ বৃদ্ধি কৰিব বুলি মন্তব্য কৰি ৰাজ্যপালে সকলোকে আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উক্ত অনুষ্ঠানত উপস্থিত থাকি কয় যে, এটা সময়ত এই অঞ্চলত দীঘলীয়া অশান্তিয়ে বিৰাজ কৰিছিল আৰু হত্যা -হিংসা, ভয়-ভীতৰ পৰিৱেশ আছিল। ২০২০ চনত সম্পন্ন হোৱা বিটিআৰ শান্তি চুক্তিৰ পিছতে অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে।

তেওঁ কয়- শান্তি এনেই ঘূৰি অহা নাই, তাৰ বাবে বহু কষ্ট কৰিব লগীয়া হৈছে। শান্তিৰ পৰিৱেশ চিৰযুগমীয়া কৰাৰ বাবে কিছুমান প্ৰচেষ্ঠা হাতত লোৱা হৈছে। শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে যোৱাবছৰৰ পৰাই বড়োলেণ্ডত আৰম্ভ হৈছে হেপীনেচ মিচন।

আজি বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত হোৱা আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱসত ২৩ টা সংগঠনৰ নেৰ্তৃবৰ্গই ভাগ লৈছে। মূলসূতিলৈ ঘূৰি অহা সশস্ত্ৰ সংগঠনৰ সকলো সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰমোদ বড়োৱে কয় যে, সমাজখনত শান্তি বৰ্তাই ৰাখিবলৈ সকলোৱে প্ৰচেষ্টা কৰিব লাগিব ।

পূৰ্বৰ চৰকাৰৰ দিনত হত্যা হিংসা হৈছিল, শান্তিৰ বাতাবৰণ নোহোৱা হৈছিল বুলি মন্তব্যৰে বৰ্তমানৰ বিটিআৰ চৰকাৰে জনমুখী কাম কৰি আছে আৰু শান্তি ধৰি ৰাখিবলৈও প্ৰয়াস কৰিছে বুলি কয় বড়োৱে। বিটিআৰত কেন্দ্ৰ- ৰাজ্য আৰু বিটিআৰ চৰকাৰৰ ৩০ খনকৈ ফ্লেগশ্বীপ আঁচনি চলি আছে বুলি উল্লেখ কৰি কৰে প্ৰমোদ বড়োৱে।

ইপিনে ভূটানৰ জেলত আৱদ্ধ হৈ থকা ৬ জনকৈ এনডিএফবি সদস্যক কালি ঘূৰাই অনা হৈছে বুলি আজি প্ৰমোদ বড়োৱে সংবাদমেলত উল্লেখ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূটানলৈ বাৰ্তা প্ৰেৰণ কৰাৰ পিছতেই ৬ জনকৈ এনডিএফবি সদস্যৰ মুক্তিলাভ হ'ল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁলোকক সদ্যহতে নিয়মানুসৰে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছে বুলি উল্লেখ কৰি নেপালৰ জেলতো এজন এনডিএফবি সদস্য বন্দী হৈ আছে বুলি সদৰি কৰে প্ৰমোদ বড়োৱে ।

যোৱা বছৰ বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বিটিচিৰ পাৰিষদ মাধৱ ছেত্ৰী নেপালত গৈ এনডিএফবি সদস্যজনক সাক্ষাৎ কৰিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। আনহাতে ভূটানৰ পৰা ঘূৰি অহা ছয় এনডিএফবি সদস্যক আত্মসংস্থাপন দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব আৰু পুনৰ সংস্থাপনৰ বাবে ৪ লাখকৈ টকা পাব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে।

উল্লেখ্য যে আজি আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱস উদযাপনৰ কাৰ্যসূচীত লেখক -সাংবাদিক নিৰ্জা চৌধুৰী, নাগালেণ্ডৰ নিকেটু ইৰাণু, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, অধ্যক্ষ কাতিৰাম বড়ো, জ্যেষ্ঠ সাংবাদিক ৱাছবীৰ হুছেইন আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।

প্ৰণিধানযোগ্য যে উক্ত অনুষ্ঠানৰ পিছতে ৰাজ্যপালে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয় আৰু ফেকাল্টি-শিক্ষাৰ্থীৰ সতে মত বিনিময় কৰে। তাৰ পিছতে ৰাজ্যপালে বিটিচি সচিবালয়ত উপস্থিত হয় আৰু ৰাজ্য -কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়নৰ খতিয়ানৰ বুজ লয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাতিপুৱাৰ ভাগত আদাবাৰীত থকা বড়োলেণ্ড চিল্ক পাৰ্ক আৰু এৰি স্পুন মিল ৰাজ্যপালে পৰিদৰ্শন কৰি প্ৰশংসা কৰে। ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল, উত্তৰ -পূৰ্বাঞ্চলৰ ভিতৰত অসম আৰু অসমৰ ভিতৰত বড়োলেণ্ড এখন সুন্দৰ ঠাই বুলিও মন্তব্য কৰিছে ৰাজ্যপালে।

উল্লেখ্য যে ৰাজ্যপালে কালি সন্ধিয়াই ৰে'লযোগে কোকৰাঝাৰত উপস্থিত হৈছিল আৰু আজি নিশাটো কোকৰাঝাৰত কটাই কাইলৈ পূৱা ধুবুৰীত উপস্থিত হৈ ভাৰত- বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ লগতে ৰামৰাইকুট্টী সত্ৰ পৰিদৰ্শন কৰিব।