বড়োলেণ্ড

সাংবাদিক নিগ্ৰহ ঘটনাৰ ন্যায় বিচাৰি ক্লাৱৰ বেজ পৰিধান কৰি সাংবাদিক প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : ১৭ আগষ্টত ওদালগুৰি জিলাৰ টংলাত এটি পথ দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ একাংশ উদণ্ড যুৱকৰ দ্বাৰা শাৰীৰিকভাৱে আক্ৰমণৰ চিকাৰ হৈছিল সাংবাদিক অজয় কলিতা। পৰবৰ্তী সময়ত কৰ্তব্যৰত সাংবাদিকজনক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি লগতে উক্ত আক্ৰমণ কৰা ঘটনাত জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ ওদালগুৰি সদৰ থানাত ভুক্তভোগীৰ লগতে প্ৰেছ ক্লাৱৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে ঘটনা সংঘটিত হোৱাৰ পাঁচদিন উকলি যোৱাৰ পিছতো জিলা প্ৰশাসনৰ পৰা এই সংক্ৰান্তত কোনো ধৰনৰ ব্যবস্থা গ্ৰহণ কৰা নাই। সেয়া ইয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে বড়োলেণ্ড সাংবাদিক সন্থাৰ আহ্বানত সমগ্ৰ বিটিআৰৰ লগতে চিৰাঙৰ বাসুগাঁও, বিজনী আৰু কাজলগাঁও স্থিত চিৰাং জিলাৰ প্ৰেছ ক্লাবৰ সদস্য সকলে বুকুত কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

তাৰ পিছত বড়োলেণ্ড সাংবাদিক সন্থাৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ নেতৃত্বত সাংবাদিকৰ এটা সজাঁতি দলে চিৰাং জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰ প্ৰদান কৰি সভাপতি আবু বক্কৰ ছিদ্দিকে কয় যে ৰাজ্যখনত এতিয়া কৰ্তব্যৰত সাংবাদিকক নিগ্ৰহ কৰাৰ ঘটনা উদ্বেগজনক ভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

তাৰ পিছতো দেখা গৈছে সাংবাদিকসকলৰ নিৰাপত্তা বা ন্যায় দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে যথোপযুক্ত ব্যবস্থা গ্ৰহণ কৰা নাই । সেয়ে আজি বড়োলেণ্ড সাংবাদিক সন্থা ফালৰ পৰা সাংবাদিক নিগ্ৰহ ঘটনাৰ প্ৰতিবাদ জনাই সমগ্ৰ বিটিআৰৰ জিলাই জিলাই সাংবাদিক সকলে কলা বেজ পৰিধান প্ৰতিবাদ সাব্যস্ত কৰিছে ।

প্ৰতিবাদকাৰীসকলে কয় যে অসমৰ গৃহ বিভাগৰ দায়িত্ব আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত, সেয়ে আমি আজি এই স্মাৰক পত্ৰৰ জৰিয়তে কৰ্তব্যৰত সাংবাদিক সকলৰ নিৰাপত্তা আৰু নিগৃহীত সাংবাদিক জনৰ সৈতে হোৱা আক্ৰমণৰ ন্যায় বিচাৰিছো । আশা কৰো এইক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উপযুক্ত ব্যবস্থা গ্ৰহণ কৰি আমাক ন্যায় প্ৰদান কৰিব।