বড়োলেণ্ড

ৰাজ্যজুৰি উত্তৰণ বৃত্তি পৰীক্ষা- ২০২৪ অনুষ্ঠিত, কোকৰাঝাৰত পৰীক্ষাত বহিল ২৮৬ জন

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু উত্তৰণ শৈক্ষিক ন্যাস, যোৰহাটৰ উদ্যোগত দেওবাৰে ৰাজ্যজুৰি উত্তৰণ বৃত্তি পৰীক্ষা- ২০২৪ অনুষ্ঠিত হয় । ৰাজ্যজুৰি উত্তৰণ বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে কোকৰাঝাৰ মহকুমাৰ দুটা কেন্দ্ৰতো এই বৃত্তি পৰীক্ষা অনুষ্ঠিত হয়। কোকৰাঝাৰত ৯২ গৰাকী শিক্ষাৰ্থীয়ে ৰূপনাথ ব্ৰহ্ম বিদ্যাপীঠত বৃত্তি পৰীক্ষাত অবতীৰ্ণ হোৱাৰ লগতে দোতমা ছোৱালী হাইস্কুলত ১৯৪ গৰাকী শিক্ষাৰ্থীয়ে বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

উল্লেখ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু উত্তৰণ শৈক্ষিক ন্যাস, যোৰহাটৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। ৰাজ্যৰ ভিতৰত প্ৰথম হোৱা প্ৰতিযোগীজনক ১৫ হাজাৰ টকা , দ্বিতীয়জনক ১৪ হাজাৰ টকা আৰু তৃতীয়জনক ১৩ হাজাৰ টকা নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। তদুপৰি মহকুমাভিত্তিক প্ৰথম , দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীকো ৩০০০টকা , ২৫০০টকা আৰু ২০০০ টকাৰে পুৰস্কৃত কৰা হ'ব এই বৃত্তি পৰীক্ষাত ।