বড়োলেণ্ড

কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতালত আজিৰে পৰা আৰম্ভ পাঠদান

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতালত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । আজিৰে পৰা কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতালত আৰম্ভ হ'ব পাঠদান ।

এমবিবিএছৰ প্ৰথম ষাণ্মাষিকৰ শ্ৰেণীসমূহ আজিৰে পৰা আৰম্ভ হ'ব।এয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। শুভাৰাম্ভী অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰীও উপস্থিত থাকে ।

সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসক আৰু আশাকৰ্মীলৈ সতৰ্কবাণী প্ৰেৰণ কৰে। তেওঁ কয় যে, চিকিৎসক আৰু আশাকৰ্মীৰ ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমৰ প্ৰতি থকা প্ৰৱণতা এতিয়া কিছু কমিছে । তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে ।চিকিৎসক আৰু আশাকৰ্মীৰ ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমৰ প্ৰতি থকা প্ৰৱণতা নাইকীয়া কৰাৰ ব্যৱস্থা লোৱা হ'ব ।

বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে,এয়া বিটিআৰৱাসী তথা কোকৰাঝাৰৱাসীৰ বাবে বৃহৎ সফলতা । মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰমোদ বড়োৰ । ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা প্ৰমোদ বড়োৰ ।

তেওঁ কয় যে, দশকৰ পৰা দশক ধৰি স্বাস্থ্যখণ্ডত হাহাকাৰ হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে মেডিকেলত নতুন যুগৰ সূচনা হৈছে। ভাল চিকিৎসক হৈ মানৱসেৱা কৰাৰ আহ্বান ছাত্ৰ -ছাত্ৰীক বড়োৰ।