কোকৰাঝাৰত মাতৃ-কন্যাক হত্যাঃ পলাতক ঘাতক জোঁৱায়েক... 
বড়োলেণ্ড

কোকৰাঝাৰত মাতৃ-কন্যাক হত্যাঃ পলাতক ঘাতক জোঁৱায়েক...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰৰ তিনি নং ৱাৰ্ডত আজি পুৱা প্ৰায় ৫:৩০ বজাত জোৱায়েকে দেগাৰ সদৃশ চোকা অস্ত্ৰৰে শাহুয়েক আৰু পত্নীৰ জ্যেষ্ঠ ভগ্নীক ঘপিয়াই হত্যা কৰা ঘটনাই কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়া আৰু আতংকৰ সৃষ্টি কৰিছে। জোঁৱায়েক মানৱ সাহাই শাহুয়েক কল্পনা মল্লিক ওৰফে আশা(৬০)আৰু কল্পনা মল্লিকৰ কন্যা দ্বীপশিখা মল্লিক(৩৫)ক অতি নৃশংসভাৱে হত্যা কৰি পলায়ন কৰিবলৈ সক্ষম হয়।

উক্ত ঘটনাত হত্যাকাৰী মানৱ সাহাৰ পত্নী তথা মৃত কল্পনা মল্লিকৰ কন্যা দেৱীকা মল্লিক ওৰফে পায়েল আৰু তেওঁলোকৰ পুত্ৰ- কন্যাৰ দৈব্যক্ৰমে প্ৰাণৰক্ষা হয়। উল্লেখ্য যে কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰৰ ৩ নং ৱাৰ্ডত বাস কৰে কল্পনা মল্লিক ওৰফে আশাৰ তিনিগৰাকী কন্যা সন্তান।

ইয়াৰে প্ৰথম গৰাকী হ'ল দেৱযানী মল্লিক, দ্বিতীয়গৰাকী দ্বীপশিখা মল্লিক আৰু তৃতীয়গৰাকী দেৱীকা মল্লিক। ইয়াৰে দেৱযানী মল্লিক বিয়া হৈ বাহিৰত থাকে। আনহাতে বিলাসীপাৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দ্বীপশিখা মল্লিকৰ বিবাহ সম্পন্ন হৈছিল যদিও পিছত বিবাহ বিচ্ছেদ হয় আৰু কোকৰাঝাৰত মাকৰ ঘৰতে থাকিবলৈ লয়। তেওঁৰ কোনো সন্তান নাছিল।

ইপিনে নুমুলীয়া কন্যা দেৱীকা মল্লিক ওৰফে পায়েল দোতমাৰ মাধৱ সাহাৰ পুত্ৰ মানৱ সাহাৰ সতে বিয়া হৈছিল। তেওঁলোকৰ এগৰাকী পুত্ৰ(১৫ ) আৰু এগৰাকী কন্যা (৮) সন্তান আছে। হত্যাৰ অভিযোগেৰে অভিযুক্ত লম্পট মানৱ সাহা আৰু তেওঁৰ পত্নী দেবীকা মল্লিকৰ মাজত পাৰিবাৰিক অশান্তিৰ সৃষ্টি হৈছিল।

পাৰিৱাৰিক অশান্তিৰ মূল কাৰণ হ'ল যোৱা মাৰ্চ মাহৰ ৪ তাৰিখে মানৱ সাহাই দোতমাৰে এগৰাকী দুইসন্তানৰ বিবাহিতা মহিলাক পলুৱাই বাংগালুৰু লৈ যায়। মানৱ সাহাই অইন এগৰাকী বিবাহিতা মহিলাক পলুৱাই লৈ যোৱাৰ পিছতে দেবীকা মল্লিকে স্বামীগৃহ এৰি নৱম শ্ৰেণীত অধ্যায়নৰত পুত্ৰ আৰু চতুৰ্থ শ্ৰেণীত অধ্যায়নৰত কন্যাক লৈ কোকৰাঝাৰস্থিত মাতৃৰ ঘৰলৈ আহে আৰু ল'ৰা-ছোৱালীক কোকৰাঝাৰৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে।

ইপিনে পলুৱাই লৈ যোৱা বিবাহিতা মহিলাগৰাকীৰ সতে বাংগালুৰুত কেইমাহমান একেলগে থকাৰ সময়তে মহিলাগৰাকীৰ পৰিয়াল আৰু গাঁওৰ একাংশই বিচাৰ-খোচৰ কৰি দুয়োকো ধৰি লৈ আহে আৰু মহিলাগৰাকীক স্বামীৰ হাতত গতাই দিয়ে। নিজৰ পত্নী থকাৰ পিছতো আন বিবাহিতা মহিলাৰ সতে অপকাণ্ড কৰাত গাঁৱৰ ৰাইজেও মানৱ সাহাক গাঁৱত থকাত বাৰণ কৰে ।

উপায়ন্তৰ হৈ মানৱ সাহাই পশ্চিমবংগৰ কামাখ্যাগুৰীত থকা তেওঁলোকৰ আনটো ঘৰত থাকিবলৈ লয়। লম্পট মানৱ সাহাই পুনৰাই দেৱীকা মল্লিকৰ সতে পত্নীৰ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰে যদিও দেৱীকা মল্লিক অমান্তি হয়। এইক্ষেত্ৰত শাহুৰেক আৰু দেৱীকাৰ জ্যেষ্ঠ ভগ্নী দ্বীপশিখায়ো মানৱক তেওঁলোকৰ সৈতে সম্পৰ্ক নাৰাখিবকৈ অনুৰোধ কৰে ।

মানৱে পত্নী দেৱীকক মোবাইলত বিভিন্ন মেচেজ আৰু ফোন কৰি ব্যতিব্যস্ত কৰি তোলাৰ লগতে পুনৰাই সম্পৰ্ক গঢ়ি নুতুলিলে হত্যাৰ ভাবুকি দিয়ে। তাৰ অত্যাচাৰত অতিষ্ঠ হৈ দেৱীকাই মোবাইল নম্বৰ সলনি কৰাত এইবাৰ মানৱে শাহুয়েক আৰু পত্নীৰ জ্যেষ্ঠ ভগ্নীক ভাবুকি ভৰা মেচেজ -কল কৰা আৰম্ভ কৰে।

ইপিনে স্বামী মানৱৰ সৈতে সম্পৰ্ক বেয়া হ'লেও দেৱীকাৰ শহুৰেকৰ ঘৰৰ আন পৰিয়ালৰ সদস্যসকলৰ সতে সম্পৰ্ক যথেষ্ট ভাল আছিল। আনকি ১ জুলাইত দেৱীকাই শহুৰেকৰ ঘৰলৈ খবৰ ল'বলৈ গৈছিল কিন্তু লম্পট- নিষ্ঠুৰ মানৱ সাহাই ঠিক সেইসময়তে পিতৃ গৃহত উপস্থিত হৈ নিজ পুত্ৰৰ হাত ব্লেডেৰে কাটি দিছিল। ভয়ত দেৱীকা আৰু তেওঁৰ সন্তানহালে লগে লগে কোকৰাঝাৰলৈ গুচি আহে আৰু মাতৃৰ ঘৰতে থাকিবলৈ লয়।

ইপিনে আজি হত্যাৰ পৰিকল্পনাৰে ঘাতক মানৱ সাহাই পুৱাই শান্তিনগৰত থকা শাহুয়েকৰ ঘৰত উপস্থিত হয়। কল্পনা মল্লিকৰ ঘৰত কোনোধৰণৰ চৌহদৰ বেৰ নথকাৰ সুযোগ গ্ৰহণ কৰি ঘাতক অনায়সে পিছফালেৰে তেওঁলোকৰ ঘৰত উপস্থিত হয়। সেইসময়ত মানৱৰ শাহুয়েক কল্পনা মল্লিক নিত্য কৰ্ম কৰিবলৈ টয়লেটলৈ যাওঁতেই ঘাতক জোঁৱাইয়ে কল্পনা মল্লিকক পিছপিনৰ পৰা গলত চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰে।

মাকৰ প্ৰাণকাতৰ চিৎকাৰ শুনি একেখন বিছনাত শুই থকা দ্বীপশিখা আৰু দেৱীকা বিছনাৰ পৰা নামি আহে। দ্বীপশিখাই প্ৰথমে মাকক বচাবলৈ যাওঁতেই ঘাতক মানৱে তেওঁকো আক্ৰমন কৰে। পৰিস্থিতিৰ ভয়াৱহতা দেখি দেৱীকাই ঘূৰি দুই সন্তানক লৈ বাহিৰলৈ বচাওঁক, বচাওঁক বুলি চিঞঁৰি দৌৰ মাৰে আৰু দৈব্যক্ৰমে প্ৰাণ ৰক্ষা পৰে।

দেৱীকাৰ চিৎকাৰ শুনি পিছত স্থানীয় ৰাইজ ওলাই অহাত ঘাতক মানৱ সাহা পলাই যায় আৰু ঘটনাস্থলীত তেজেৰে তুমুৰলি হৈ মাতৃ আৰু কন্যা পৰি থাকে। ইয়াৰে কল্পনা মল্লিক ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে দ্বীপশিখা মল্লিকে চিকিৎসালয়লৈ নিয়াৰ পথত কৰুণ মৃত্যুক সাৱটি লয়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীয়ে ব্যৱহাৰ কৰা চোকা দেগাৰ সদৃশ অস্ত্ৰ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩২৯(৪)/ ১০৩ৰ অধীনত এক গোচৰ (নং ১৬২/২০২৪)ৰজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইপিনে হত্যাকাৰী মানৱ সাহা বৰ্তমানেও পলাতক অৱস্থাত আছে ।

ইফালে ঘটনাস্থলীত স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। ঘটনাটোত গভীৰ দুখ প্ৰকাশ কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে, প্ৰায় বছৰদিন পূৰ্বেও শান্তিনগৰত এনেধৰণৰ আন এক ঘটনা সংঘটিত হৈছিল। স্থানীয় ৰাইজে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।