কোকৰাঝাৰত আৰম্ভ হ'ব শামুকৰ পেটত মুকুতাৰ খেতি... 
বড়োলেণ্ড

কোকৰাঝাৰত আৰম্ভ হ'ব শামুকৰ পেটত মুকুতাৰ খেতি...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ একালৰ অশান্তজৰ্জৰ এলেকা বিটিআৰলৈ শান্তি ঘূৰি অহাৰ পিছত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নেৰ্তৃত্বত আৰম্ভ হৈছে স্বাৱলম্বী আৰু অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ বিভিন্ন আঁচনি। বডোফা ইউএন ব্ৰহ্ম চুপাৰ ফিফটি যেনেকৈ মানুহ গঢ়াৰ কমাৰশালত পৰিণত হৈছে ঠিক তেনেকৈ পিগ মিচনে বহু নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

নিত্য নতুন চিন্তাধাৰাৰে বিটিআৰক অনন্য কৰি তুলিব বিচৰা প্ৰমোদ বড়োৱে এইবাৰ বিটিআৰত আৰম্ভ কৰিব শামুকৰ পেটত মুকুতাৰ খেতি । সাধাৰণতে পশ্চিমীয়া দেশত মুকুতাৰ খেতিয়ে ব্যাপক প্ৰসাৰতা লাভ কৰি অৰ্থনৈতিক দিশ টনকিয়াল কৰি তুলিছে যদিও আমাৰ অসম মুলুকত অধিকাংশই মুকুতাৰ খেতিৰ বিষয়ে জ্ঞাত নহয়।

মুকুতাৰ এখন বহল বজাৰৰ প্ৰতি লক্ষ্য ৰাখি আজি তিতাগুৰী সমবায় বিভাগৰ ভৱনত আনুষ্ঠানিকভাৱে মুকুতা খেতিৰ বাবে প্ৰয়োজনীয় "অপাৰেচন ৰুম " আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। মুকুতা খেতিৰ বাবে প্ৰয়োজনীয় অপাৰেচন ৰুম উদ্বোধন কৰি প্ৰমোদ বড়োৱে কয় যে প্ৰথম পৰ্যায়ত ২০ গৰাকী মহিলাক মুকুতাখেতিৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকক মুকুতা লগৰী বুলি জনা যাব ।

মুকুতা খেতি কম ঠাইত সহজে কৰিব পাৰি বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে কয় যে অৰ্থনৈতিক জাগৰণৰ বাবে মহিলাসকলক, আত্মসহায়ক গোটৰ সদস্যসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে । সমবায় ভিত্তিত মুকুতা খেতি কৰিবলৈও উদ্গনি দিয়া হ'ব আৰু অহা বাজেট অধিবেশনত মুকুতা খেতিৰ বাবে বিশেষ পেকেজ ধৰা হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

বিটিচিৰ সমবায় বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ সভাত বিটিচিৰ সমবায় বিভাগৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰী, বিভাগীয় মূৰব্বী জয়ন্ত খেৰকাটাৰী সহিতে আন বহু বিশিষ্ট ব্যাক্তি উপস্থিত আছিল।

প্ৰণিধানযোগ্য যে শামুকৰ পেটত কৰা মুকুতাৰ খেতিৰ এখন বহল বজাৰ আছে আৰু অতি কম ঠাই, কম পানীত শামুকৰ পেটত মুকুতাৰ খেতি কৰিব পাৰি। উচ্চ মানদণ্ডৰ মুকুতাৰ নিৰিখ অতি উচ্চ আৰু ধনিক শ্ৰেণীৰ মাজত উচ্চ মানদণ্ডৰ মুকুতা যুগে যুগে সমাদৃত হৈ আহিছে।

বিটিআৰত মুকুতা খেতি সফল হলে অনাগত সময়ছোৱাত অৰ্থনীতিয়েই সলনি হ'ব বুলি ধাৰণা কৰা হৈছে। তদুপৰি মুকুতা নিৰ্মাণ আৰু পলিচিং ফেক্টৰীত বহু নিবনুৱাই সংস্থাপন পাব বুলি ধাৰণা কৰা হৈছে।