বড়োলেণ্ড

কোকৰাঝাৰত আমছুৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ চৰকাৰী বিদ্যালয় আৰু বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সংখ্যালঘু মুছলমান সকলক বসুন্ধৰা ২ আঁচনিত অন্তৰ্ভূক্ত কৰা, বিদ্যালয়সমুহত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি দিয়া আদিকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত কোকৰাঝাৰ শিশু উদ্যান পাৰ্কত আমছুৰ উদ্যোগত বৃহস্পতিবাৰে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় । শিশু উদ্যানত অনুষ্ঠিত হোৱা আমছুৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীসকলে নিজ দাবীৰ সমৰ্থনত ব্যাপক শ্লোগান নিক্ষেপ কৰে।

তদুপৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । সংবাদমাধ্যমৰ আগত আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জমিৰ আলী শ্বেখে কয় যে এনআৰচিৰ সময়ত বহু লোকৰ ফিংগাৰপ্ৰিণ্ট লোৱা হৈছিল । সেইসকল লোকে এতিয়া আধাৰকাৰ্ড বনাব নোৱাৰাত ভীষণ সমস্যাত পৰিছে । ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল ভীষণ সনস্যাত পৰিছে ।

এই বিষয়ত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আমছুৱে । তদুপৰি কোকৰাঝাৰৰ মাছুৱাঘাটৰ দলংখন অতি শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰি আমছুয়ে কয় যে ভগ্ন দলংখনৰ বাবেই যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল জীয়াতু ভুগিছে ।

বিপিএফ চৰকাৰৰ দিনত সাম্যান্য কাম কৰিছিল কিন্তু ইপিপিএল চৰকাৰ অহাৰ পিছত সেয়া বন্ধ হ'ল বুলি মন্তব্যৰে আমছুৰ দাবীসমুহ পুৰণ নকৰিলে ৰে'লপথ , ঘাইপথ অৱৰোধৰ হুংকাৰ প্ৰদান কৰিছে । আমছুৰ আজিৰ অবস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমীৰ আলী, কেন্দ্ৰীয় কোষাধ্যক্ষ আমিনুৰ ইছলাম, জিলা মুখ্য উপদেষ্টা আনোৱাৰ হুছেইন, জিলা সাধাৰণ সম্পাদকদ্বয় ক্ৰমে জাকিৰ হুছেইন আৰ ইদ্ৰীছ আলী উপস্থিত আছিল ৷