বড়োলেণ্ড

কোকৰাঝাৰত ধৰ্ষণকাৰীক ৩০ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে নহৰুল ইছলাম নামৰ এটা অপৰাধীক ত্ৰিশ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে । তদুপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড ৰায়দান দিছে কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে।

উল্লেখ্য যে ২০২১ চনৰ ২ আগষ্টৰ নিশা প্ৰায় ২মান বজাত অভিযুক্ত নহৰুল ইছলামে এগৰাকী নাবালিকাৰ ঘৰত প্ৰৱেশ কৰি নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ লগতে আপত্তিজনক ভিডিঅ' সংগ্ৰহ কৰিছিল । এই কু-কাৰ্যৰ বিৰুদ্ধে কাৰোবাৰ আগত প্ৰকাশ কৰিলে ভিডিঅ' ভাইৰেল কৰি দিয়া হ'ব বুলি নহৰুল ইছলামে ভাবুকি দিছিল ।

পিছত উক্ত ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে আৰু উক্ত ঘটনাৰ বিৰুদ্ধে গোঁসাইগাঁও থানাত নহৰুল ইছলাম , জুব্বাৰ আলী, জয়নাল আলী আৰু মুস্তাফিজুৰ ৰহমান বিৰুদ্ধে এক গোচৰ ( নং-৪২২/২১)ৰজু হয় । উক্ত গোচৰৰ ভিত্তিত পিছত বিশেষ গোচৰ নং ৬/২২ মৰ্মে আজি কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে নহৰুল ইছলাম(২৪)নামৰ ধৰ্ষণকাৰীটোৰ বিৰুদ্ধে উক্ত ৰায়দান দিয়ে ।

তদুপৰি জুব্বাৰ আলী,জয়নাল আলী আৰু মুস্তাফিজুৰ ৰহমানক আদালতে আজি দোষমুক্ত বুলি ৰায়দান দিয়ে৷ মূলত পকছো আইনৰ ধাৰা ৪ মৰ্মে আৰু আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৫৭ মৰ্মে আজি কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে উক্ত ৰায়দান প্ৰদান কৰিছে ।