শতায়ু গৰকা বৃদ্ধৰ ভূমি দখলেৰে উচ্ছেদিত পৰিয়ালক সংস্থাপন ভূ-মাফিয়াৰ... 
বড়োলেণ্ড

শতায়ু গৰকা বৃদ্ধৰ ভূমি দখলেৰে উচ্ছেদিত পৰিয়ালক সংস্থাপন ভূ-মাফিয়াৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাংঃ ঢেকীয়াজুলিৰ ভেৰগাঁৱত ভূ-মাফিয়া তাণ্ডৱে নিদ্ৰা হৰণ কৰিছে এগৰাকী শতায়ু গৰকা বৃদ্ধৰ। ঘটনাৰ বিৱৰণ অনুসৰি ওৰাঙৰ ১০৫ বছৰীয়া বৃদ্ধ যমুনন্দন পাল নামৰ ব্যক্তিগৰাকীয়ে ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰচলা মৌজাৰ ভেৰগাঁৱত থকা ৬০ নং ম্যাদী পট্টাৰ ৩১৪ নং দাগৰ মুঠ ১৮ বিঘা ৩ কঠা ১৬ লেচা মাটিৰ ভিতৰত ৮ বিঘা মাটি বিক্ৰী কৰিছিল। ৩২০/২২ নং পঞ্জীয়ন দলিল যোগে এই মাটি ক্ৰয় কৰিছিল ভেৰগাঁৱৰ আব্দুল ৰহমান নামৰ এজন ব্যক্তিয়ে।

প্ৰায় ১ কোটি ১১ লাখ টকাত এই মাটিখিনি বিক্ৰী কৰাৰ চুক্তি হোৱাৰ পিচত মাত্ৰ ৫ লাথ টকা আগধন দি সময়মতে চুক্তি অনুসৰি দিয়াৰ কথা আছিল যদিও দুবছৰত কেইবাটাও কিস্তিত মুঠ ৬০ লাখ টকাহে পৰিশোধ কৰিছে। ইয়াৰোপৰি এই একেগৰাকী আব্দুল ৰহমানৰ বিৰুদ্ধে এতিয়া বৃদ্ধ যমুননন্দন পালৰ একে দাগৰে অন্য ১০ বিঘা ম্যাদী পট্টাৰ ভূমি জালিয়াতি কৰি আৰু ভয়, ভাবুকিৰে বলপূৰ্বক দখল কৰাৰো অভিযোগ উঠিছে।

ইতিমধ্যে আব্দুল ৰহমানে যমুনন্দন পালৰ ভূমিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি ঘৰ সাজিছে। এই ভূমিত ভূ-মাফিয়া আব্দুলে সংস্থাপিত কৰিছে শোণিতপুৰ জিলাৰ শিঙৰীত প্ৰশাসনে উচ্ছেদ কৰা একাংশ পৰিয়ালক। আজিও যমুনন্দন পালৰ ভূমিত অবৈধভাৱে চলি আছে নিৰ্মাণ কাৰ্য।

ইফালে যদুনন্দন পালে আব্দুলক বিক্ৰী নকৰা ১০ বিঘা মাটি দখল কৰি খেতি কৰিবলৈ লোৱাত দিক বিদিক হেৰুৱাই আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে। শতায়ু গৰকা যদুনন্দন পাল আৰু তেওঁৰ পৰিয়ালে এতিয়া বিচাৰিছে ন্যায়।

অবৈধভাৱে তেওঁলোকৰ মাটি দখল কৰি তাত খেতি কৰাৰ লগতে উচ্ছেদিত লোকক আনি সংস্থাপিত কৰাত এই পৰিয়ালটোৰ ভৱিষ্যত অনিশ্চয়তালৈ আহিছে।এনে পৰিস্থিতিত যদুনন্দন পালৰ পৰিয়ালে অসম চৰকাৰক পৰা সহায় বিচৰাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো বিচাৰিছে।