মাজবাটত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...  
বড়োলেণ্ড

মাজবাটত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাংঃ ওদালগুৰি জিলাৰ মাজবাটত আৰক্ষীয়ে আজি অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দকৃত ভাংখিনিৰ পৰিমাণ ১৮৭ কেজি বুলি জনাইছে আৰক্ষীয়ে। ইয়াৰোপৰি এই ভাংখিনিৰ নিষিদ্ধ বজাৰত আনুমানিক মূল্য ৯৩ লাখ ৫০ হাজাৰ বুলি উল্লেখ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে এক বিশেষ সূত্ৰৰ পম খেদি মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰণৱ বৰুৱাৰ লগত যোৱা আৰক্ষীৰ এটা অভিযানকাৰী দলে অসম অৰুণাচল সীমান্ত এলেকাৰ ধনশ্ৰী চাহ বাগিচাৰ কাষত ঠাকুৰিয়া পাৰা অঞ্চলত অভিযান চলায়।

উক্ত অভিযানতে ঠাকুৰীয়া পাৰা অঞ্চলৰ এখন হাবিৰ মাজত লুকুৱাই থোৱা অবস্থাতে ভাংখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। পৰৱৰ্তী সময়ত ভাংখিনি মাজবাট আৰক্ষীয়ে থানালৈ লৈ অহা হয়। ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষীয়ে ৩২/২৪ নম্বৰত গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে।