কুকুৰমাৰী-বেংতল সংযোগী বিধ্বস্ত পথ পুনঃনিৰ্মাণৰ আধাৰশিলা স্থাপন... 
বড়োলেণ্ড

কুকুৰমাৰী-বেংতল সংযোগী বিধ্বস্ত পথ পুনঃনিৰ্মাণৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ কুকুৰমাৰী-বেংতল সংযোগী গড়কাপ্তানি পথৰ দেৱৰগাঁৱত আজি পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় । ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰে ।

উল্লেখ্য যে বিগত পাঁচ বছৰ পূৰ্বে চিৰাং জিলাৰ কুকুৰমাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভিৰহাংগাঁও দেৱৰগাঁও, ডমগাঁও হৈ বেংতললৈ যোৱা গড়কাপ্তানী পথচোৱা আই নৈৰ বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি ঠায়ে ঠায়ে বিছিন্ন হোৱাৰ উপৰিও বিধ্বস্ত হৈ পৰিছিল ।

পৰবৰ্তী সময়ত পথছোৱাৰ কুকুৰমাৰীৰ পৰা ডাঙাইগাঁও আৰু দেৱৰগাঁৱৰ পৰা ডমগাঁও লৈকে দুটা পৃথক পৃথক পৰ্যায়ত পকী পথৰ কাম কৰা হয় যদিও উক্ত পথছোৱাৰ মাজৰ অংশ ডাঙাইগাঁৱৰ পৰা দেৱৰগাঁও পৰ্যন্ত ২.৩ কিলোমিটাৰ দৈৰ্ঘ্য পথৰ কাম হোৱা নাছিল । যাৰ কাৰণে উক্ত পথছোৱা দি যাতায়াত কৰা যানবাহন দুৰ্ঘটনাগ্ৰস্থ হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছিল।

মাত্ৰ চাৰিদিন আগত এখন এল্ট' বাহন দুৰ্ঘটনাগ্ৰস্থ হৈ এজন যুৱকৰ মৃত্যু মুখত পৰিছে। যাৰ কাৰণে উক্ত পথছোৱা মেৰামতি কৰাৰ ৰাইজৰ পৰা তীব্ৰ দাবী উত্থাপিত হৈছিল ।

যাৰ কাৰণে তেনেকুৱা এটা পৰ্যায় যাতে দ্বিতীয় বাৰ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ গুড হুইল আঁচনিৰ বিটিচি এলেকাৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অধীনত ডাঙাইগাঁৱৰ পৰা দেৱৰগাঁও পৰ্যন্ত ২.৩০ কিলোমিটাৰ পকীপথ নিৰ্মাণ কাৰ্য্যৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।

উল্লেখ্য যে, চাৰিদিন আগতে ভিৰহাংগাঁৱত যিটো গাঁতৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হৈছিল উক্ত ঠাইত এটা পকী কাৰ্লভাটৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যদিও বিভাগীয় অনুমোদন পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব কিন্তু পথছোৱাৰ বৰ্তমান অবস্থা আৰু মানুহৰ জীৱন সম্পত্তিৰ কথা চিন্তা কৰি বিভাগীয় অনুমোদনলৈ অপেক্ষা নকৰি উক্ত পথছোৱাত এটা পকী কাৰ্লভাট নিৰ্মাণ কৰি দিবলৈ আগবাঢ়ি আহে বিশিষ্ট ঠিকাদাৰ অচিন্ত্য নাৰ্জাৰী ।

নাৰ্জাৰীৰ এই বদ্যানতাৰ শলাগ লয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে । আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ বিষয়া, অভিযন্তাৰ উপৰিও কদমতলা ভিচিডিচিৰ সভাপতি মানিক বসুমতাৰী, কাজলগাঁও ব্লক ইউপিপিএল সভাপতি মনকেশ্বৰ খাগলাৰীসহ স্থানীয় গণ্যমাণ্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।