বড়োলেণ্ড

প্ৰতিবাদী শ্লোগানেৰে উত্তাল মুছলপুৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰতো শনিবাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ বাক্সা জিলা সমিতিয়ে কর্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু এন পি এছৰ অধীনত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰকালীন সুবিধা প্ৰদানৰ দাবীত আজি এনেদৰে সংস্থাই কর্মবিৰতি পালন কৰে। জিলা সমিতিৰ সভাপতি অনিল বসুমতাৰী, সম্পাদক ফুংখা বসুমতাৰী স্বাক্ষৰিত স্মাৰকপত্ৰও ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, অৱসৰকালীন এন পি এছৰ অধীনৰ কৰ্মচাৰীসকলক অৱসৰকালীনৰ সকলো সুবিধা প্ৰদান কৰা ইত্যাদি দাবীৰে কৰ্মবিৰতি কাৰ্যসূচী হাতত লয় । NO OPS NO REST, পুৰণি পেঞ্চন আমাৰ দাবী ইত্যাদি শ্লোগানেৰে এক প্ৰতিবাদী সমদল উলিয়ায় এনপিএছ কৰ্মচাৰী সকলে । আনকি প্ৰতিবাদ স্থলীতে কৰ্মচাৰী সকলে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে । লগতে কয় যে বিধায়ক মন্ত্ৰীয়ে পাঁচ বছৰ কাৰ্যকালতেই OPS পায় আমি নোপোৱাৰ কাৰণ কি । আমিও পাবই লাগিব ।