বড়োলেণ্ড

ওদালগুৰিৰ বকুলতলাত ভয়ংকৰ অগ্নিকাণ্ড : ৪০ লাখৰো অধিক টকাৰ সম্পত্তি বিনষ্ট

দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়াৰ বাবে অনুৰোধ ভুক্তভোগীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি জিলাৰ বকুলতলা অঞ্চলত শুকুৰবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা চৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্রপাত হোৱা বুলি সন্দেহ কৰিছে ৰাইজে।

উক্ত ঘটনাৰ ফলত ভষ্মীভূত হয় অঞ্চলটোৰ ৪ খন ব্যৱসায়িক প্রতিষ্ঠান। লগতে জাহ যায় প্ৰায় ৪০ লক্ষাধিক টকাৰ সামগ্রী ।

ঘটনাৰ পাছতে সাপমাৰী আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীৰ উপস্থিতিত অগ্নিনির্বাপক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে অগ্নিকাণ্ডত ক্ষয়- ক্ষতি হোৱা সামগ্ৰীৰ ক্ষতিপূৰণ বিচাৰিছে ভুক্তভোগী লোকসকলে। এইক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা সহায়- সাহাৰ্য বিচাৰিছে ভুক্তভোগীসকলে।