বড়োলেণ্ড

কোকৰাঝাৰত বি পি এফৰ বিশাল সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। সেইসূত্ৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ জানাগাঁৱত শনিবাৰে বিপিএফৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত বিশাল কৰ্মী সভা অনুষ্ঠিত হয়।

বিপিএফৰ ৬টা ব্লকৰ পৰা কেইবা সহস্ৰাধিক নেতা-কৰ্মীয়ে উক্ত কৰ্মীসভাত অংশগ্ৰহণ কৰে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন আৰু ছহিদ তৰ্পন অনুষ্ঠান অনুষ্ঠিত হয়। তদুপৰি বিপিএফ দলৰ মঙ্গল কামনা আৰু শান্তিৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনাও অনুষ্ঠিত হয়।

ইপিনে লোকেলোকাৰণ্য হোৱা সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে, কোকৰাঝাৰ আৰু দৰং-ওদালগুৰী লোকসভা সমষ্টিত বিপিএফ দলে নিশ্চিতভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। অহা মাৰ্চ মাহত বিপিএফ দলে প্ৰাৰ্থী ঘোষণা কৰিব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

নিজ ভাষণত ইউপিপিএল দলক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, প্ৰকৃততে ইউপিপিএল দলে একোৱেই কৰিব পৰা নাই । চাকৰি দিয়াৰ যি ক্ষমতা সেয়া দিছপুৰে লৈ গৈছে । আমি চৰকাৰ গঠন কৰিলে ৪০ টা বিভাগত খালি হোৱা পদত নিযুক্তি প্ৰদান কৰিম আৰু সেয়া জিলাভিত্তিক হ'ব।

কোকৰাঝাৰৰ জিলাৰ ল'ৰা-ছোৱালী কোকৰাঝাৰত আৰু চিৰাং জিলাৰ ল'ৰা -ছোৱালীয়ে চিৰাং জিলাত চাকৰি পাব । প্ৰমোদ বড়োই একো কৰিব পৰা নাই মাথো কোকৰাঝাৰ আৰু কাৰিগাঁৱৰ মাজত স্পীড ব্ৰেকাৰ বনাইছে বুলি কটাক্ষ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

বিপিএফৰ মিটিংত যোগদান কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা,অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব বুলি ইউপিপিএলে ভোটাৰ ৰাইজক ভয় দেখুৱাই আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । ঘৰে ঘৰে নাঙল , ঘৰে ঘৰে বিপিএফ বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে শান্তি, একতা আৰু উন্নয়নৰ ইচ্ছু লৈ নিৰ্বাচনী প্ৰচাৰ চলাব বিপিএফে আৰু দুয়োটা সমষ্টিতে বিজয়ী হৈ কেন্দ্ৰত এগৰাকী মন্ত্ৰী পদ লাভ কৰিব বিপিএফে।

উল্লেখ্য যে আজিৰ বিপিএফৰ কৰ্মীসভাত প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম , বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী , বিপিএফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি প্ৰায় সংখ্যক নেতা -কৰ্মীয়ে উপস্থিত আছিল। ইপিনে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে সংবাদ মাধ্যমৰ আগত বিটিচি বচাবৰ বাবে,বিটিচিৰ ভৱিষ্যত নিৰ্মানৰ বাবে বিপিএফে ৰাইজৰ পৰা সহায়- সমৰ্থন বিচাৰিছে বুলি মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে । আনহাতে নিৰ্বাচনত অনিয়ম নকৰিলে বিপিএফে জিকাটো খাটাং বুলি প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই মন্তব্য প্ৰকাশ কৰিছে।