কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰে অধ্যক্ষ, প্ৰধান শিক্ষকৰ বৈঠক... 
বড়োলেণ্ড

কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰে অধ্যক্ষ, প্ৰধান শিক্ষকৰ বৈঠক...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৰাজ্যৰ শিক্ষা, জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে আজি এদিনীয়া ভ্ৰমনসূচীৰে কোকৰাঝাৰত উপস্থিত হৈ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু হাইস্কুলৰ প্ৰধান শিক্ষকসকলৰ সৈতে বিটিচি বিধান পৰিষদৰ ভৱনত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপস্থিতিত এক মত- বিনিময় বৈঠকত অংশগ্ৰহণ কৰে। উক্ত বৈঠকত ড্ৰপ-আউটৰ হাৰ সন্দৰ্ভত গুৰুত্বসহকাৰে আলোচনা কৰা হয় ।

যিহেতু ৰাষ্ট্ৰীয় ড্ৰপ-আউটৰ হাৰতকৈ অসমৰ ড্ৰপ-আউটৰ হাৰ বেছি আৰু তাৰ ভিতৰত চিৰাং -কোকৰাঝাৰ জিলাত ড্ৰপ আউটৰ হাৰ অন্যতম সেয়েহে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কোকৰাঝাৰ- চিৰাং জিলাৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলৰ সতে মত-বিনিময় কৰে আৰু ড্ৰপআউটৰ হাৰ কমোৱাৰ বাবে কিছু পৰামৰ্শ প্ৰদান কৰে। ইয়াৰোপৰি সভাত আন কেতবোৰ শৈক্ষিক বিষয় সন্দৰ্ভতো আলোচিত হয় ।

সভাৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী ৰণোজ পেগুৱে কয় যে, অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ সতে মত -বিনিময় সভা সম্পন্ন হোৱাত তৃণমুল পৰ্যায়ৰ সমস্যাৰ বিষয়ে তেওঁ অৱগত হৈছে আৰু ইয়ে তেওঁক লাভাম্বিত কৰিছে । এনেধৰণৰ মত বিনিময় সভা অনুষ্ঠিত কৰাটো প্ৰয়োজন বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

আনহাতে সাংবাদিকৰ এক প্ৰশ্নত মিউচুৱেল শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে ৰেচেলাইজেচন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰণোজ পেগুৱে। তদুপৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে জানিবলৈ দিয়া মতে অহা ডেৰমাহৰ ভিতৰতে বিটিআৰত হাইস্কুল পৰ্যায়ত ১৪৬৭ গৰাকী শিক্ষক নিযুক্তি দিয়া হ'ব বুলিও মন্ত্ৰী ৰণোজ পেগুৱে সদৰি কৰিছে।

ইপিনে ইয়াৰ পূৰ্বে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু। বন্তি প্ৰজ্বলেনেৰে নৱাগত আদৰণি সভাৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰণোজ পেগুৱে । মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী ৰণোজ পেগুৱে নাৰী শিক্ষা আৰু সংস্থাপনৰ ওপৰত নিজৰ বক্তব্য প্ৰদান কৰি শিক্ষাৰ ওপৰত সকলোকে গুৰুত্ব দিবলৈ আহ্বান জনায়।

সাংবাদিকৰ এক প্ৰশ্নত মন্ত্ৰী ৰণোজ পেগুৱে চৰকাৰী বিদ্যালয় -মহাবিদ্যালয়ত নামভৰ্তি বৃদ্ধি পোৱাটো শুভলক্ষণ বুলি মন্তব্য কৰি কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ আন্ত:গাঁথনি উন্নয়নৰ উদ্দেশ্য বিধায়ক লৰেঞ্চ ইছলাৰীৰ সহযোগত জনজাতি পৰিক্ৰমা বিভাগৰ পৰা অনুদান আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰে। আনহাতে অসমত টেট শিক্ষকৰ চাকৰি অলপতে নিয়মীয়াকৰণ হ'ল যদিও বিটিচিৰ টেট শিক্ষকসকল চাকৰি এতিয়াও নিয়মীয়াকৰণ হোৱা নাই বুলি সাংবাদিকে আঙুলিয়াই দিয়াত সেয়া বিটিচি প্ৰশাসনে কৰিব আৰু টেট শিক্ষকসকলৰ ডাটা বিটিচিক দিয়া হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী ৰণোজ পেগুৱে ।

উল্লেখ্য যে আজি বিটিচি বিধান পৰিষদৰ ভৱনত অনুষ্ঠিত হোৱা অধ্যক্ষ/ প্ৰধান শিক্ষকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , বিটিচিৰ প্ৰধান সচিব, বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক, শিক্ষা বিভাগৰ সচিব , শিক্ষা বিষয়াৰ লগতে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু হাইস্কুলৰ প্ৰধান শিক্ষকসকল উপস্থিত আছিল। আনহাতে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত বিধায়ক লৰেঞ্চ ইছলাৰী, মহাবিদ্যালয়খনৰ অধ্যক্ষ, প্ৰৱক্তাসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল ।

ইপিনে ধেমাজি জিলাৰ এটা পৰীক্ষা কেন্দ্ৰত এ ডি আৰ ই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত জ্ঞাত নহয় বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে । আজি কোকৰাঝাৰৰ আবৰ্ত ভৱনত এই মন্তব্য প্ৰদান কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে ছেবালৈ ধন্যবাদ হে জ্ঞাপন কৰে । উল্লেখ্য যে , আজি কেইবাটাও বৈদ্যুতিন মাধ্যমত এডিআৰই ৰ প্ৰশ্ন ফাদিল হোৱা বুলি বাতৰি প্ৰচাৰ হৈছিল ৷ এই বাতৰিৰ পিছতে আজি সন্ধিয়া কোকৰাঝাৰত সাংবাদিকে প্ৰশ্ন এক প্ৰশ্নোত্তোৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰশ্ন ফাদিলৰ বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰিছে ।