মুছলপুৰৰ ডুমুনীত আৰক্ষীৰ প্ৰহাৰত এজন ব্যক্তিৰ মৃত্যুৰ অভিযোগ... 
বড়োলেণ্ড

মুছলপুৰৰ ডুমুনীত আৰক্ষীৰ প্ৰহাৰত এজন ব্যক্তিৰ মৃত্যুৰ অভিযোগ...

Asomiya Pratidin
  • বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ ডুমুনীত উত্তেজনাপূর্ণ পৰিস্থিতি।

  • এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতি।

  • অসম আৰক্ষীৰ প্ৰহাৰত এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ।

  • মৃত লোকজনৰ নাম জচ উৰাং (২৮) ।

  • দুদিন পূৰ্বে পত্নীক প্ৰহাৰ কৰাৰ অভিযোগত ডুমুনী আৰক্ষীয়ে আটক কৰিছিল জচ উৰাংক।

  • আজি বৰপেটা মেডিকেল কলেজ হস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় জচে।

  • ঘটনাক লৈ সমগ্ৰ ডুমুনী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।