বড়োলেণ্ড

চিৰাঙৰ কাজলগাঁৱত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : ডেংগু ৰোগৰ ভয়াৱহতা আৰু ইয়াৰ সংক্ৰমণৰ পৰা কিদৰে সুৰক্ষিত থাকিব পাৰি এই সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ১৬ মে’ৰ দিনটো সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয় । বৃহস্পতিবাৰে এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়েই  চিৰাঙৰ কাজলগাঁৱত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমৰ অধীনত কাজলগাঁও হাইস্কুল প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয় ।

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে আয়োজন কৰা সজাগতামূলক অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেহেনা বেগম, স্বাস্থ্য বিষয়া ডাঃ দীগেন্দ্ৰ ৰামছিয়াৰী, জিলা মেলেৰীয়া বিষয়া ডাঃ ৰবীন বড়োই ডেংগু ৰোগৰ লক্ষণ, সংক্ৰমণ, প্ৰতিৰোধ আৰু চিকিৎসা সন্দৰ্ভত বহলাই বৰ্ণনা কৰে। আজিৰ এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ডেংগু সজাগতাৰ সন্দৰ্ভত প্ৰশ্ন-উত্তৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত লোকসকলৰ মাজত মহৰ দ্বাৰা সংক্ৰমিত ডেংগু আৰু জাপানী এনকেফেলাইটিছ ৰোগৰ পৰা হাত সাৰি থকাৰ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয় । আজিৰ কাৰ্য্যসূচী সঞ্চালনা কৰে কাজলগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক অলেন্দ্ৰ বসুমতাৰীয়ে ।