বড়োলেণ্ড

১০দিনে সন্ধান নাই ঢেকিয়াজুলিৰ বোৱাৰী বৰষা দৈমাৰী ৰাভাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাং: ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে যুৱতী,বোৱাৰী ,আৰু মহিলা সন্ধানহীনৰ ঘটনা ৷ এতিয়াও কোনো শুংসূত্ৰ নাই সন্ধানহীন হোৱা বহু যুৱতী, বোৱাৰী আৰু মহিলাৰ ৷

সমান্তৰালভাৱে ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীৰ প্ৰানজিৎ ৰাভাৰ পত্নী বৰষা দৈমাৰী ৰাভাৰ  নামৰ বোৱাৰীগৰাকী বিগত ১০দিনে ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ঢেকিয়াজুলিৰ সতীৰ্থ বয়ন শিল্প উদ্যোগত তাঁতশালত গামোচা তৈয়াৰ কৰিবলৈ যোৱা বৰষা দৈমাৰী ৰাভা তথা ৪বছৰীয়া সন্তানৰ মাতৃগৰাকীৰ নাই কোনো সন্ধান।

৪ বছৰীয়া কণমানি সন্তানক এৰি ক'ত গ’ল বৰষা দৈমাৰী ৰাভা,তাকলৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ পৰিয়ালৰ লোকে ইতিমধ্যে বিচাৰ খোচাৰ কৰিছে যদিও কোনো শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই ৷

উল্লেখযোগ্য যে বোৱাৰীগৰাকীৰ মোবাইলো বন্ধ হৈ আছে ৷ ঘটনা সংক্ৰান্তত ৰাক্ষসমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনো ক্লু লাভ কৰা নাই ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনক শীপ্ৰতাৰে অনুসন্ধান কৰি বোৱাৰীগৰাকীক উদ্ধাৰ কৰাৰ দাবী জনায় ৷