বড়োলেণ্ড

প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চল মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ : অনৈক্যৰ মাজত ঐক্য, এক ভাৰত, শ্ৰেষ্ঠ ভাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কোকৰাঝাৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে উত্তৰ-পূৰ্বাঞ্চল মহোৎসৱ ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত জনগোষ্ঠীয় সাংস্কৃতিক দলৰ সমাগমৰে উখল মাখল হৈ পৰিছে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰ ৷

প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই উত্তৰ- পূৰ্বাঞ্চলৰ মহোৎসৱ ৷ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ উদ্যোগত, বিটিআৰৰ সৌজন্যত আৰু সদৌ বড়ো সাংস্কৃতিক সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চল মহোৎসৱত জম্মু কাশ্মীৰ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটৰ, উৰিষ্যাসহ দেশৰ ১৩খন ৰাজ্যৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাংস্কৃতিক গোষ্ঠীয়ে নিজৰ নিজৰ পৰম্পৰাগত কলা-সংস্কৃতি প্ৰদৰ্শন কৰি বডোফা সাংস্কৃতিক কেন্দ্ৰত ৰঙীন কৰি তুলিছে । উল্লেখ্য যে আজি উত্তৰ পূৰ্বাঞ্চল মহোৎসৱত মণিপুৰৰ লাই হাৰবা, নাগালেণ্ডৰ আও হাৰ্ডেঞ্চ, মেঘালয়ৰ ওৱাংগালা, ত্ৰিপুৰাৰ মমিতা, মিজোৰামৰ চেৰো, ছিকিমৰ চিংহিচাম - ইয়াকছা, জম্মু কাশ্মীৰৰ ৰৌফ, হাৰিয়ানাৰ ফাগ, গুজৰাটৰ ছিদ্ধি ধামাল, মধ্যপ্ৰদেশৰ বাধাই, উৰিষ্যাৰ সম্বলপুৰী নৃত্য প্ৰদৰ্শন কৰা হয় আৰু উক্ত মনোমোহা নৃত্যৰ প্ৰদৰ্শনত সকলোৱে আপ্লুত হৈ পৰে । আনহাতে বড়ো সাংস্কৃতিক দলে প্ৰদৰ্শন কৰা নৃত্য উচ্চ প্ৰশংসিত হয়।

ইপিনে উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ সতে সংগতি ৰাখি উৎসৱথলীত স্থাপন কৰা থলুৱা খাদ্য প্ৰদৰ্শনী আৰু লোক শিল্পৰ বিপনী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰীয়ে ৷ থলুৱা খেলৰ উদ্বোধন কৰে বিটিআৰৰ সচিব দীথকানন্দ হাজৰিকাই ৷

লোক সংগম ( Folk Dance ) কাৰ্যসূচীৰ উদ্বোধন কৰে বিটিআৰৰ যুটীয়া সচিব পামী ব্ৰহ্মই ৷ সন্ধিয়া ৫-০০ বজাৰ পৰা ‘কালাৰ্চ বড়োলেণ্ড আৰু কালাৰ্চ ইণ্ডিয়া’ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷