বড়োলেণ্ড

তামুলপুৰত বৃদ্ধাশ্ৰম মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলা সদৰস্থ ভকতপাৰাত দেওবাৰে আনুষ্ঠানিক ভাৱে মনালিছা চছাইটিৰ উদ্যোগত সমাজৰ অসহায় ককা আইতা সকলক আশ্ৰয় দিয়াৰ কাৰণে এটি 'ককা আইতা'ৰ ঘৰ নাম দি বৃদ্ধাশ্ৰম মুকলি কৰা হয়৷

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এই বৃদ্ধাশ্ৰৰ খন আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে ৷ অনুষ্ঠানত প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী জ্যেষ্ঠ নাগৰিক আৰু ককা আইতা সকল মনালিছা চছাইটিৰ পৰিচালক উৎপল হৰ্ষবৰ্দ্ধন প্ৰমুখ্যে আন আন সদস্য সকল উপস্থিত থাকে।