কাজলগাঁও জিলা মিছন সমন্বয়কৰ আসনত বহি ঘোচ লয় ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে... 
বড়োলেণ্ড

কাজলগাঁও জিলা মিছন সমন্বয়কৰ আসনত বহি ঘোচ লয় ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে...

গুৱাহাটীৰ দীপিকা চাৰ্টাড ফাৰ্ম নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত থকা সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা। কাৰ্যালয়টোৰ জিলা মিছন সমন্বয়কৰ আসনত বহি ঘোচ লোৱাৰ মুকলি বজাৰ মেলিছে এটা বেচৰকাৰী চাৰ্টাড একাউণ্টৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে।

উল্লেখ্য যে, চিৰাং জিলাৰ বিদ্যালয়সমূহৰ অডিট কৰাৰ নামত প্ৰধানশিক্ষকসকলৰ পৰা টকা সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল বেচৰকাৰী চাৰ্টাড একাউণ্ট প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বিৰুদ্ধে। এই অভিযোগৰ পাছতে দণ্ডাধীশৰ উপস্থিতিত কাজলগাঁও থানাৰ আৰক্ষীয়ে সমগ্ৰ শিক্ষা অভিযানৰ জিলা মিচন সমন্বয়কৰ কাৰ্যালয়ত অভিযান চলাই সমন্বয়কৰ কোঠাৰ পৰা প্ৰতীক চাওচাৰীয়া নামৰ অডিটৰ গৰাকীক আটক কৰে।

আটক কৰাৰ সময়ত তেওঁ অভিযানকাৰী দলটোৰ সন্মুখত কোনো বৈধ নথিপত্ৰ দাখিল কৰিব পৰা নোৱাৰিলে। পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে অডিটৰ জনৰ পকেটৰ পৰা মুঠ ৬৯ হেজাৰ ৫০০ টকা জব্দ কৰে। তাৰোপৰি অডিটৰ জনৰ লগত থকা সকলোধৰণৰ নথিপত্ৰ জব্দ কৰি থানালৈ লৈ যায়।

আশ্চৰ্য্যজনক বিষয় যে সমগ্ৰ শিক্ষা মিচন কাৰ্য্যালয়ত মিচন সমন্বয়কৰ কোঠালীত বহি বাহিৰা প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীয়ে উৎকোচ লোৱা বিষয়টো সন্দৰ্ভত মিচন সমন্বয়ক বিজয় কুমাৰ বৈষ্ণৱে দণ্ডাধীশৰ সন্মুখতে অজ্ঞাত বুলি স্পষ্টীকৰণ দিয়ে। আজি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এই নাভূত নাশ্ৰুত ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাত শিক্ষক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে ধৃত অডিটৰ প্ৰতীক চাওচাৰীয়া হৈছে গুৱাহাটীৰ দীপিকা চাৰ্টাড ফাৰ্ম নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰী। দণ্ডাধীশ নৱজ্যোতি দাসৰ আৰু কাজলগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল মণি দাসৰ নেতৃত্বত চলিছিল আজিৰ এই অভিযান।