ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনৰ মৃত্যু... 
বড়োলেণ্ড

ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ ওদালগুৰিঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ওদালগুৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি জিলাখনৰ নাচন চালিৰ মুৰমালাৰ নিপু বড়ো(৩৬) নামৰ লোকজন জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

আনহাতে ওৰাঙৰ বিৰাট প্ৰজা(২) আৰু মাজবাটৰ প্ৰমিলা হুজুৰী (৭২) নামৰ শিশু আৰু বৃদ্ধাগৰাকীৰ শৰীৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিজানু ধৰা পৰিছে। ইয়াৰ উপৰিও জিলাখনৰ আন ৮ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ২০১৯ চনত জিলাখনত সৰ্বাধিক ৩৮ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো মৃত্যু মুখতো পৰিছিল।ক্ৰমান্বয়ে আক্ৰান্তৰ হাৰ কমিছে যদিও এতিয়াও বিশেষকৈ চাহ বাগান অঞ্চলত এই ৰোগ অব্যাহত আছে। বিভাগৰ ফালৰ পৰা সজাগতা অভিযান চলোৱা বুলি কৈছে যদিও এই ক্ষেত্ৰত আৰু যথেষ্ঠ কৰনীয় আছে।