হাতী-মানুহৰ সংঘাতঃ নাগ্ৰীজুলিত আহত এজন 
বড়োলেণ্ড

নাগ্ৰীজুলিত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাকে বিগত কিছুদিন ধৰি নাগ্ৰীজুলি অঞ্চলৰ গ্ৰামঞ্চলত প্ৰৱেশ কৰি ধান খেতি, বিভিন্ন খেতি খাই, তামোল- নাৰিকলৰ গছ ভাঙি তাণ্ডৱ চলাই আহিছে।

মংলবাৰে সন্ধিয়া প্ৰায় ৫-৪৫ বজাত নাগ্ৰীজুলি সাপ্তাহিক বজাৰৰ পৰা বজাৰ কৰি নিজ গৃহলৈ উভতি গৈ থকাৰ সময়ত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজন কালচেনী গাঁও নিবাসী পৰিমল বৰ্মনৰ পুত্ৰ কমল বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে কমলে নাগ্ৰীজুলি বজাৰৰ পৰা বজাৰ কৰি নাগ্ৰীজুলি চাহ বাগিচাৰ মাজেৰে নিজ গৃহলৈ উভতি যোৱাৰ সময়তে চাহ বাগিচাৰ মাজৰ এটি পথত বনৰীয়া হাতী এটাই কমলক আক্ৰমণ কৰে। ফলত কমল গুৰুতৰভাৱে আহত হয়।

সাপ্তাহিক বজাৰৰ পৰা গৈ থকা অন্য লোকে কমলক সংকটজনক অৱস্থাত দেখা পায়। খবৰ পাই নাগ্ৰীজুলি আৰক্ষী আৰু নাগ্ৰীজুলি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু লোকজনক উদ্ধাৰ কৰি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ লৈ আনি ভৰ্তি কৰায়। লোকজনক নাগ্ৰীজুলিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।