বড়োলেণ্ড

তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত ছাত্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ মঙলবাৰে নিশা হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী স্কুলীয়া ছাত্ৰী ৷ নিহত হয় বগাজুলি শিমলীগুৰি অজয় বড়োৰ কন্যা মনিকা বড়ো (১৪) ৷ নিহতগৰাকী কুমাৰীকাটা দাওগাংবাৰী হাইস্কুলৰ নৱম শ্ৰেনীৰ ছাত্ৰী আছিল ৷

নিশা শুই থকা সময়তে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে আক্ৰমন কৰি পকী ঘৰ লণ্ডভণ্ড কৰে ৷ হাতীটোৰ ভয়ত শোৱাপাটিৰ পৰা পৰিয়ালৰ সদস্যসকলৰ সৈতে ছাত্ৰীগৰাকী পলাবলৈ ধৰোতে হাতীয়ে আক্ৰমণ কৰি মূৰত গচকি দিয়াৰ ফলত থিতাতে নিহত হয়৷ ইপিনে নিশাই বনবিভাগৰ লোক উপস্থিত হৈ আৰক্ষীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে।