বড়োলেণ্ড

ওৰাং-ৰৌতা উচ্ছেদ সন্দৰ্ভত কাৰ্যবাহী সদস্য নিলুত স্বৰ্গীয়াৰীৰ প্ৰতিক্ৰিয়া

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাং : ওৰাং-ৰৌতা উচ্ছেদ সন্দৰ্ভত বি টি চিৰ কাৰ্যবাহী সদস্য নিলুত স্বৰ্গীয়াৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়- 'উচ্ছেদ আমি কৰা নাই,উচ্ছেদ কৰিবলৈ বাধ্য কৰাইছে হাগ্ৰামা মহিলাৰীয়ে ।

২০১৯ বৰ্ষতে হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত শপত নামা দিছিল। তাৰ ভিত্তিতে বি টি চিত উচ্ছেদৰ জাননী দিয়া হৈছে যদিও সদ্যহতে উচ্ছেদ কৰাৰ পৰিকল্পনা নাই' বুলি স্বৰ্গীয়াৰীয়ে মন্তব্য কৰে।

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এনেদৰেই আক্ৰমণাত্মক হৈ পৰে বি টি চিৰ কাৰ্যবাহী সদস্য় নিলুত স্বৰ্গীয়াৰী। উল্লেখযোগ্য যে বি টি চিৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি বেদখলমুক্তৰ বাবে প্ৰশাসনে উচ্ছেদৰ জাননী জাৰী কৰিছে। এই লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে ২০০৩ চনৰ আগৰে পৰা বি টি চিত বসবাস কৰা কোনো লোককে প্ৰমোদ বড়ো চৰকাৰে উচ্ছেদ নকৰে বুলি স্পষ্ট কৰি দিয়ে নিলুট স্বৰ্গীয়াৰীয়ে । ওদালগুৰি জিলাৰ ৰৌতাত অনুষ্ঠিত আত্মসহায়ক গোটৰ সাহায্য প্ৰদান অনুষ্ঠানত তেওঁ এই মনতব্য প্ৰদান কৰে।

উক্ত অনুষ্ঠানত বি টি চিৰ ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ ৬৪টা আত্মসহায়ক গোটক ২৫ হাজাৰকৈ এককালীন সাহায্যৰ চেক বিতৰণ কৰা হয়। মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে বি টি চি চৰকাৰে এই আভিলাষী আঁচনি হাতত লোৱা বুলি সদৰি কৰে কাৰ্যবাহী সদস্য নিলুত স্বৰ্গীয়াৰীয়ে ।