বড়োলেণ্ড

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰিৰ ওৰাঙত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত উপস্থিত ৰাজ্যপাল গৰাকীৰ। মাজবাট বিধানসভা সমষ্টিৰ গেলাবিল VCDC ত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্রহণ কৰি চৰকাৰী আঁচনিৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰা লোকসকলৰ কাষ চাপিবলৈ বিকশিত ভাৰত সংকল্প যাত্ৰা এক মহান অভিযান বুলি মন্তব্য।

তেওঁ কয় যে, এই যাত্ৰাই ৪০ হাজাৰৰো অধিক গাঁও পঞ্চায়ত আৰু বহু চহৰত উপনীত হৈছে। য’ত ১.২৫ কোটিতকৈ অধিক লোকে ‘মোদী কি গেৰাণ্টী’ৰ সৈতে সংযোগ স্থাপন কৰিছে। ‘মোদী কি গেৰাণ্টী’ বাহনখনক আদৰণি জনোৱাৰ বাবে তেওঁৰ ৰাইজৰ কৃতজ্ঞতা স্বীকাৰ কৰে।

কেন্দ্ৰীয় চৰকাৰে ১৫ নৱেম্বৰৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰা নামৰ ৰাষ্ট্ৰজোৰা জনসম্পৰ্ক আৰু সজাগতা অভিযান আৰম্ভ কৰিছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বীৰচা মুণ্ডা জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতি গৌৰৱ দিৱস উপলক্ষে এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। যোৱা বৰ্ষৰ ২২ নৱেম্বৰৰ পৰা অহা বছৰৰ ২৪ জানুৱাৰী পৰ্যন্ত দেশৰ বাকী জিলাসমূহক এই যাত্ৰাত সামৰি লোৱা হৈছে।

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্থিৰ কৰা লক্ষ্য সম্পর্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু উন্নয়নমূলক তথা কল্যাণকামী আঁচনিসমূহত জনসাধাৰণৰ অংশগ্রহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰিকল্পনা। এই যাত্ৰাৰ সময়ত জলজীৱন মিছন, আয়ুষ্মান ভাৰত যোজনা, প্রধানমন্ত্ৰী গৰীৰ কল্যাণ অন্ন যোজনা, প্রধানমন্ত্রী মুদ্রা যোজনা, জনধন যোজনা, প্রধানমন্ত্রী আবাস যোজনা, প্রধানমন্ত্রী প্রণাম যোজনা আৰু ইউৰীয়া ৰাজসাহায্য যোজনাসহ ২০ খন যোজনাৰ মূল বিশেষত্বসমূহ দাঙি ধৰা হৈছে এই সংকল্প যাত্ৰাত।

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সুফল সমাজৰ যোগ্য সকলো ব্যক্তিয়ে পোৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী সমগ্র ৰাজ্যতে ৰূপায়ণ কৰি থকা হৈছে। ৰাজ্যপাল গৰাকীয়ে গেলাবিল বিষ্ণু ৰাভা বড়ো উচ্চ ইংৰাজী বিদ্যালয় আৰু মাজবাট উন্নয়নখণ্ডৰ অন্তৰ্গত গেলাবিল VCDC ত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্রাত অংশগ্রহণ কৰে। তেওঁ বিকাশৰ দূৰন্ত গতিৰে ধাৱমান হোৱা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ জনহৈতেষী সুবিধা গ্রহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।

এই সংকল্প যাত্ৰাত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া, বিটিআৰৰ কাৰ্য্যবাহী সদস্য ড৹ নিলুট স্বৰ্গীয়াৰী, পাৰিষদ দীপক মৌৰ, ওদালগুৰি জিলা আয়ুক্ত চাদনেক সিং, আৰক্ষী অধীক্ষক পুচকিন জৈন, বিজেপি জিলা সভাপতি সুনীল বসুমতাৰী, UPPL ৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী আৰু সমাজ সেৱক জিতু কিষান।