বড়োলেণ্ড

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দৰংগামেলাত শোভাযাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ ক্ষণত সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন প্ৰান্তত ভক্তসকলে উৎসাহ উদ্দীপনাৰে বিভিন্ন কাৰ্যসূচী পালন কৰিছে। ইয়াৰ সামান্তৰালকৈ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত তামুলপুৰত ৰামভক্ত সকলে এক শোভাযাত্ৰাৰ কাৰ্যসূচী হাতত লয় ৷

ভাৰত- ভূটান সীমান্তৰ দৰংগামেলাত অনুষ্ঠিত হয় বিশাল শোভাযাত্ৰা ৷ দৰংগামেলাৰ শিৱ মন্দিৰৰ পৰা শত শহস্ৰাধিক পুৰুষ মহিলা সকলে হাতত ৰামৰ ছবি সম্বলিত পতাকা উৰুৱাই লৈ জয় শ্ৰীৰাম ধ্বনিৰে ৰাজপথত বিশাল সমদল উলিয়াই মুখৰিত কৰে দৰংগামেলাৰ আকাশ বতাহ ৷ এই বিশাল সমদলটোৱে ভূটান গেটৰ পৰা পৰিভ্ৰমণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে দৰংগামেলাৰ হনুমান মন্দিৰত সমদলটোৰ সামৰণি পৰে ৷