চিৰাঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ... 
বড়োলেণ্ড

চিৰাঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ শিমলাবাগান গাঁৱত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ হয়।

নৱগঠিত চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলটোত সোমবাৰে নিশাৰ ভাগত প্ৰথমবাৰৰ বাবে স্থানীয় লোকে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটোক দেখিবলৈ পায়।

পিছত গাঁৱবাসীয়ে দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটোক ধৰি শান্তিপুৰস্থিত বনবিভাগৰ লোকক গতাই দিয়ে ।