বড়োলেণ্ড

কুমাৰীকাটাত ট্ৰেইলাৰে মহতিয়াই নিলে দোকান, বাসগৃহঃ থিতাতে নিহত মহিলা, আহত ৪ জন...

Asomiya Pratidin

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ দক্ষিণ কুমাৰীকাটাৰ নাগ্ৰীজুলি চকত আজি সন্ধিয়া প্ৰায় ৭ বজাত ৰঙিয়া- ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰে ভূটানৰ পৰা জিপছম কঢ়িয়াই অনা ১২ চকীয়া ট্ৰেইলৰ এখনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষৰ এখন চাহৰ দোকান মহতিয়াই নি মানুহ থকা ঘৰত সোমাই এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে।

জানিব পৰা মতে চাহৰ দোকানত থকা এগৰাকী মহিলা ঘটনাস্থলীতে মৃত্যু হয় । আনহাতে ঘটনাত আন চাৰিজন গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত হাজাৰ হাজাৰ লোক উপস্থিত হৈ পৰিস্থিতি উত্তেজিত কৰি তোলে।

অৱশ্যে আৰক্ষী অধীক্ষক পংকজ যাদৱ, আয়ুক্ত বিদ্যুত বিকাশ ভাগৱতী তামুলপুৰৰ বিধায়ক আৰু দৰংগাজুলীৰ এম চি এল এ বিজিত গৌড়া নাৰ্জাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ভূটানৰ পৰা অহা পি বি ০৪ এই ই ৮১৮০ নম্বৰৰ মালবাহী ট্ৰেইলাৰে মহিটিয়াই নিয়ে তপন কলিতাৰ বাসগৃহ।

মৃত মহিলাগৰাকী ভূপেন ডেকাৰ পত্নী গীতা কলিতা । আনপিনে ৰুপম কলিতা, বোৱাৰী ধৰিত্ৰী ফুকন, ঋষি শৰনীয়া, ফটিক মালাকৰ গুৰুতৰভাবে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে নিশা হ'লেই ভূটান -ৰঙিয়া পথত মালবাহি ডাম্পাৰ, টেইলাৰ আদিৰ দৌৰাত্ম্যৰ ফলতে কেইবাজনো লোক মৃত্যু মুখত পৰিছে ।