ৰৌতা-ওদালগুৰি পথত ভয়ংকৰ পথ দুৰ্ঘটনা... 
বড়োলেণ্ড

ৰৌতা-ওদালগুৰি পথত ভয়ংকৰ পথ দুৰ্ঘটনা...

Asomiya Pratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ আজি সন্ধিয়া প্ৰায় ৮ মান বজাত ওদালগুৰি-ৰৌতা পথৰ দৈফাম ৰে'লগেটৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে ৰৈ থকা ডাম্পাৰৰ পিছফালে এখন বাইকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

ফলত ৰৌতা অভিমুখে গৈ থকা বাইকখনৰ চালক আৰু আৰোহীজন ছিটিকি পৰে। এই ঘটনাত বাইক চালক আৰু আৰোহীগৰাকী গুৰুতৰ বাবে আহত হয়। অৱশ্যে ইয়াৰে বাইক আৰোহীগৰাকীক ঘটনাস্থলীতে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। বাতৰি লিখাৰ সময়লৈকে বাইক আৰোহী আৰু চালকগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই।