কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ধুবুৰীৰ ছাত্ৰ নিহত... 
বড়োলেণ্ড

কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ধুবুৰীৰ ছাত্ৰ নিহত...

Asomiya Pratidin
  • কোকৰাঝাৰৰ মোকৰাপাৰাত নিশা মটৰচাইকেল দুৰ্ঘটনা।

  • নিশা প্ৰায় ৯ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • কোকৰাঝাৰ চহৰত মেলা চাই ঘৰমুৱা হোৱাৰ পথতে মোকৰাপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা ৷

  • মোকৰাপাৰাত মটৰচাইকেলখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে বিদ্যুতৰ পকী খুটাত ।

  • এই দুৰ্ঘটনাত থিতাতে নিহত হয় চালক জয়দ্বীপ নাথ (১৮)।

  • আহত মটৰচাইকেল আৰোহী পংকজ নাথ (১৬) ৷

  • দুয়োৰে ঘৰ ধুবুৰী জিলাৰ সাপটগ্ৰাম থানাৰ অন্তৰ্গত শাশাৰগাঁৱৰ প্ৰথম খণ্ডত ।

  • কোকৰাঝাৰৰ পৰা তীব্ৰবেগে বৰুৱাপাৰা অভিমুখে গৈ থাকোতে মোকৰাপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা ।

  • এখন বাহনক অভাৰটেক কৰিবলৈ গৈ সংঘটিত হয় এই দুৰ্ঘটনা ।

  • দুৰ্ঘটনাৰ পিছত দুয়োকে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে জয়দ্বীপ নাথক মৃত বুলি ঘোষণা কৰে ।

  • মৃত জয়দ্বীপ নাথ স্নাতক প্ৰথম ষাণ্মাষিকৰ ছাত্ৰ আছিল ।

  • কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন আহত পংকজ নাথ ।