কাজলগাঁৱত শোকাবহ পথ দুৰ্ঘটনা:অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী... 
বড়োলেণ্ড

কাজলগাঁৱত শোকাবহ পথ দুৰ্ঘটনা:অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী...

এতিয়ালৈকে চিনাক্ত হোৱা নাই নিহত বাইক আৰোহীজন

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং: আজি সন্ধিয়াৰ ভাগত চিৰাং জিলা সদৰ কাজলগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এক শোকাবহ পথদুৰ্ঘটনা সংঘটিত হয় । এক পঞ্জীয়নবিহীন হোণ্ডা মটৰচাইকেলৰ আৰোহীক এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে খুন্দিয়াই থৈ যায়।

ফলত থিতাতে নিহত হয় মটৰচাইকেল আৰোহীজন। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চাৰিচকীয়া বাহনখনে। তীব্ৰবেগী বাহনৰ খুন্দা ইমান ভয়ংকৰ আছিল যে মটৰচাইকেল আৰোহীজনৰ দেহ ছিন্নভিন্ন হৈ ৰাষ্ট্ৰীয় ঘাইপথত সিচঁৰিত হৈ পৰে।

কাজলগাঁৱৰ এই শোকাবহ পথ দুৰ্ঘটনাত নিহত লোকজনক বাতৰি যুগুত কৰা পৰ্যন্ত চিনাক্তকৰণ হোৱা নাই। দুৰ্ঘটনাৰ খবৰ লাভ কৰি দুৰ্ঘটনাস্থলীত কাজলগাঁও থানা আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।