ওৰাং চাৰিআলিৰ পৰা চুৰি বলেৰ' বাহন... 
বড়োলেণ্ড

ওৰাং চাৰিআলিৰ পৰা চুৰি বলেৰ' বাহন...

Asomiya Pratidin

ডিজিটেল সংবাজ ওৰাংঃ ওৰাঙত এখন বলেৰ' বাহন চুৰি হোৱা ঘটনাই চাঞল্য সৃষ্টি কৰিছে। নিশা ওৰাং চাৰিআলিৰ মাজমজিয়াৰ পৰা চোৰে লৈ যায় বগা ৰঙৰ এখন বলেৰ'বাহন। বাহখনৰ নম্বৰ AS 22F 1161।

ঘটনা সন্দৰ্ভত বাহনখনৰ গৰাকী বিদাংছা দৈমাৰীয়ে আৰক্ষীৰ কাষ চাপিছে আৰু দাখিল কৰিছে এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাহনখনৰ কোনো সম্ভেদ লাভ কৰা নাই।

কোনো লোকে বাহনখনৰ প্ৰত্যক্ষ কৰিলে 8474814776 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।