বড়োলেণ্ড

কোকৰাঝাৰৰ মাগুৰমাৰীত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰৰ মাগুৰমাৰী চাহবাগানৰ নলাত এগৰাকী আই টি আইৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃতদেহটো কোকৰাঝাৰৰ ৰূপাথী নগৰৰ ৩ নং ৱাৰ্ডৰ তথা গোসাঁইগাঁও আই টি আইৰ ছাত্ৰ গেৰেমছা নাৰ্জাৰী ( ১৯ ) বুলি চিনাক্ত কৰা হৈছে ৷

জানিব পৰা অনুসৰি, গেৰেমছা নাৰ্জাৰী বিগত ৩দিন ধৰি নিখোজ হৈ আছিল ৷ পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰি কোনো সন্ধান পোৱা নাছিল ৷ ইয়াৰ মাজতে শনিবাৰে স্থানীয় ৰাইজে কোকৰাঝাৰৰ মাগুৰমাৰী চাহবাগানৰ নলাত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীক খবৰ দিয়ে ৷

পিছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কোকৰাঝাৰ থানালৈ লৈ আহে ৷ পিছত আৰক্ষীয়ে মৃতদেহটো কোকৰাঝাৰ চহৰৰ ৰূপাথী নগৰৰ জগদ্বীপ নাৰ্জাৰীৰ পুত্ৰ গেৰেমছা নাৰ্জাৰী ( ১৯ ) বুলি চিনাক্ত কৰে ৷ মৃত গেৰেমছা নাৰ্জাৰী গোসাইগাঁও আই টি আইৰ ছাত্ৰ আছিল ৷

ইপিনে গেৰেমছা নাৰ্জাৰীৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷ মৃতদেহটোৰ পেটত আৰু মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰি এয়া লগৰীয়াৰ দ্বাৰা সংঘটিত হোৱা ঘটনাও হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । পৰিয়ালৰ সদস্যসকলে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ পোষকতা কৰে।

ইপিনে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিয়েও এয়া হত্যাকাণ্ড বুলি উল্লেখ কৰি হত্যাকাণ্ডৰে জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ জিলা আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে। উল্লেখ্য যে মৃত গেৰেমছা নাৰ্জাৰীয়ে ব্যৱহাৰ কৰা মোবাইল আৰু স্কুটিখনো এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।