কোকৰাঝাৰত শিক্ষকৰ পাঁচদিনীয়া এফএলএন প্ৰশিক্ষণৰ সফল সমাপ্তি... 
বড়োলেণ্ড

কোকৰাঝাৰত শিক্ষকৰ পাঁচদিনীয়া এফএলএন প্ৰশিক্ষণৰ সফল সমাপ্তি...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰত যোৱা ১৯ আগষ্টৰ পৰা অনুষ্ঠিত হোৱা শিক্ষকৰ অনাআৱাসিক পাঁচদিনীয়া স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযানৰ (এফএলএন) প্ৰশিক্ষণ সফলতাৰে সমাপ্ত পৰে। সমগ্ৰ শিক্ষাৰ কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড মিচন সমন্বয়কৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণকালত বিভিন্ন বিদ্যালয়ৰ প্ৰায় ৪৫৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।

অনুষ্ঠানৰ অন্তিম দিনা কোকৰাঝাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া(ভাৰপ্ৰাপ্ত) ৰীতা ৰাভাই প্ৰশিক্ষাৰ্থীসকলক উদ্দেশি কয় যে, বিদ্যালয়ত এফ এল এন ৰূপায়ন কৰিবই লাগিব। প্ৰশিক্ষণৰ মহৎ উদ্দেশ্য সফল হোৱাৰ কামনা কৰি বিদ্যালয়ত যোগান ধৰা এফ এল এন আলমাৰীত নাৰাখি ল'ৰা-ছোৱালীৰ শিকণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

আনহাতে অন্তিম দিনৰ এফ এল এন প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থকা জিলা শিক্ষা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) ভাগিৰথী ৰায়ে শিক্ষকসকলক এফ এল এনৰ যোদ্ধা বুলি অভিহিত কৰি এফ এল এনৰ ব্যৱহাৰেৰে ছাত্ৰ-ছাত্ৰীক উপকৃত কৰাৰ বাবে আহ্বান জনায়। উল্লেখ্য যে প্ৰথম পৰ্যায়ত ডি এন হিমৎসিংকা হাইস্কুলত অসমীয়া মাধ্যমৰ ২৬০ গৰাকী শিক্ষকে প্ৰশিক্ষণ লোৱাৰ বিপৰীতে কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৭ গৰাকী শিক্ষকে প্ৰশিক্ষণত অংশ লয়।

ইপিনে অহা ২৭ আগষ্টৰ পৰা ৩১ আগষ্টলৈ দ্বিতীয় পৰ্যায়ৰ এফ এল এন প্ৰশিক্ষণ আৰম্ভ হ'ব। দ্বিতীয় পৰ্যায়ৰ এফ এল এন প্ৰশিক্ষণত ভোটগাঁও এমই স্কুলত ২২৬ গৰাকী অসমীয়া মাধ্যমৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে আৰু ডি এন হিমৎসিংকা স্কুলত ১৯৭ গৰাকী বড়ো মাধ্যমৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিব।

প্ৰণিধানযোগ্য এইবাৰ এফ এল এন প্ৰশিক্ষণত ব্যৱস্থাপনা অতি সুন্দৰ আছিল আৰু প্ৰতিসাজ দুপৰীয়াৰ আহাৰত আমিষ আৰু নিৰামিষ সাজ দুয়োটাই ব্যৱস্থা ৰখাত শিক্ষকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। যাতায়তৰ সুব্যৱস্থা আৰু আহল-বহল চৌহদ, পাৰ্কিংৰ সুবিধা থকা ঠাই এইবেলি প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰাত শিক্ষকসকল সন্তুষ্টি প্ৰকাশ কৰি আয়োজক সমিতিক ধন্যবাদ প্ৰদান কৰিছে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ বুনিয়াদী স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযানৰ (এফএলএন) প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে ৰাজ্যিক সমল ব্যক্তি ক্ৰমে নৱকান্ত ৰায়, হেমেন্দ্ৰনাথ মেধী, মণ্ডল সমন্বয়ক সঞ্জীৱ ৰায় , খণ্ড সমন্বয়ক ৰহুল আমিন সৰকাৰ, সমল ব্যক্তি ক্ৰমে পাপন দেৱ নাথ, ছাহিদুৰ ৰহমান, আব্দুৰ ৰেজ্জাক হুছেইল, ছফিকুল ইছলাম, জ্যোতিষ নাথ, আব্দুল মাজিদ, নন্দলাল ৰায় আৰু ৰাজশ্ৰী আচাৰ্য উপস্থিত থাকে।

এই প্ৰশিক্ষণত এল পি আৰু এম ই বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীসকলক বুনিয়াদী ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সূচী, বিদ্যাপ্ৰৱেশ, বহুভাষিক আৰু বহুস্তৰীয় শিক্ষণ শিকন পদ্ধতি , সাৱলীল মৌখিক পঠন, উদ্ভাৱনীমূলক শিক্ষণ-শিকন সামগ্ৰী প্ৰস্তুতকৰণ, গণিত সামগ্ৰী প্ৰদৰ্শন, মান নিৰূপন, বুনিয়াদী স্বাক্ষৰতা আৰু সংখ্যিকতা ৰূপায়নৰ ক্ষেত্ৰত শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যৰ উপৰিও আন ভালেমান বিষয়ৰ ওপৰত সমল ব্যক্তিসকলে প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণৰ অন্তিমদিনা শ্ৰেষ্ঠ দলৰ মাজত পুৰষ্কাৰ বিতৰণো কৰা হয় ।