বড়োলেণ্ড

শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত অঘটনঃ বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ মৃত্যু এজনৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত পুনৰ অঘটন। বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ শুকুৰবাৰে মৃত্যুক সাৱতি ললে এজনে। শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা।

ভাৰতীয় সেনাৰ নিয়মীয়া বোমা বাৰুদৰ প্ৰশিক্ষণৰ সময়তে এই ঘটনা সংঘটিত ৷ নিহত যুৱক গৰাকীৰ নাম লক্ষ্মীৰাম চৰেন (৩২)। মৃত যুৱক গৰাকীৰ ঘৰ বাক্সা জিলাৰ  উত্তৰকুছি ( জ্বালাবস্তী ) ত ৷

আনহাতে এই ঘটনা আঘাতপ্ৰাপ্ত হৈছে আন এজন যুৱক। আঘাতপ্ৰাপ্ত যুৱক গৰাকীৰ নাম হৰতোলা গাঁওৰ জিৰা হাজদা। সেনাই বোমা বাৰুদৰ প্ৰশিক্ষণ লোৱাৰ সময়তে  ৮১ মৰ্টাৰৰ বিস্মাফোৰণৰ ফলত মৃত্যু হয় যুৱক জনৰ ৷

বোমা -বাৰুদৰ অৱশিষ্ট বুটলিব গৈছিল দুয়োজন যুৱক। ৮১ মৰ্টাৰ বিস্ফোৰন হৈ  চিটিকি পৰা অৱশিষ্টৰ বাবে মৃত্যু হয় যুৱক গৰাকীৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও শুকানজুলী ফায়াৰিং ৰেঞ্জত ভাৰতীয় সেনা বাহিনীৰ লঘু আৰু গধুৰ অশ্ৰ- সশ্ৰৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে ৰেঞ্জৰ ভিতৰত বোমা বাৰুদৰ অৱশিষ্ট বুটলিব যাঁওতে এজন লোক নিহত হৈছিল।