নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা দুই চৰকাৰী কৰ্মচাৰীক নিলম্বন... 
বড়োলেণ্ড

নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা দুই চৰকাৰী কৰ্মচাৰীক নিলম্বন...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত একেদিনাই দুজনকৈ চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন। অসমত অন্তিম তথা দেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ দুটাদিন বাকি থকাৰ সময়তে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত আজিৰ দিনটোত চিৰাং জিলাত দুগৰাকীকৈ চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হয় ।

ইয়াৰে এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক আনজন জিলা কৃষি বিভাগৰ গ্ৰামসেৱক। এটা দিনতে দুটা পৃথক পৃথক ৰাজনৈতিক দলৰ সমৰ্থক-নেতা তথা চৰকাৰী কৰ্মচাৰীক নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত নিলম্বন কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি নিলম্বিত হোৱা শিক্ষকগৰাকী হৈছে চিদলী শিক্ষাখণ্ডৰ অন্তৰ্গত ৮৫৯ নং বেনীবাৰী ভাদ্ৰাগাঁও এলপি স্কুলৰ প্ৰধানশিক্ষক তথা ভি এল অ' প্ৰভাত চন্দ্ৰ ৰাভা। ইপিনে আজিৰ দিনটোত চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত জিলা কৃষি বিভাগৰ গ্ৰামসেৱক তথা ইউ পি পি এল দলৰ চিৰাং দুৱাৰ ব্লক ইউ পি পি এলৰ সভাপতি বীৰ ভাস্কৰ মুছাহাৰীকো চাকৰিৰ পৰা নিলম্বিত কৰা হয় ।

চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ ৰাভাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি তেখেতৰ বাসগৃহত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। চিৰাং জিলা কৃষি বিভাগৰ বেংতল কৃষি উন্নয়ন চক্ৰৰ কাণ্ঠালমাৰী এলেকাৰ গ্ৰামসেৱক বীৰ ভাস্কৰ মুছাহাৰী এগৰাকী চৰকাৰী কৰ্মচাৰী হৈ নীতি বৰ্হিভূত ভাবে শাসকীয় দল ইউ পি পি এলৰ চিৰাং দুৱাৰ ব্লক কমিটিৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ উপৰিও চৰকাৰী কামত ফাঁকি দি দিনে ৰাতিয়ে ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি নিজে আগভাগ লৈ প্ৰচাৰ কাৰ্য্য চলাই থকাৰ অভিযোগ উত্থাপিত হৈছিল ।

এই দুইজন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ইউ পি পি এল আৰু বি পি এফ দলৰ পৰা পৃথকে জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল । উক্ত অভিযোগৰ ভিত্তিত তদন্ত কৰি আজি এই দুজন আজিৰ পৰা বলবৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে ।