বড়োলেণ্ড

জেএচবি অসামৰিক চিকিৎসালয় চৌহদত এবছৰে পৰি আছে 'স্বৰ্গৰথ'

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ কাজলগাঁৱস্থিত জেএচবি অসামৰিক চিকিৎসালয়ৰ চৰকাৰী ধনৰ অপচয় কৰাৰ অভিযোগ উত্থাপিত হৈছে । অজ্ঞাত কাৰণত এবছৰ ধৰি চিকিৎসালয় চৌহদৰ মুকলি আকাশৰ তলত ৰ'দ-বৰষুণত জহি-খহি গৈছে চৰকাৰীভাৱে যোগান ধৰা মৃতদেহ কঢ়িওৱা এখন নতুন স্বৰ্গৰথ বাহন ।

জানিব পৰা মতে বিটিচি প্ৰশাসনৰ স্বাস্থ্য বিভাগৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত বিটিআৰ এলেকাৰ চাৰিওখন জিলাৰ চৰকাৰী চিকিৎসালয়সমূহত মৃতদেহ কঢ়িওৱা স্বৰ্গৰথ বাহন যোগান ধৰা হৈছিল । কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ২০২৩ চনৰ জুলাই মাহত এই স্বৰ্গৰথ বাহনখন অনা হৈছিল আৰু এবছৰ ধৰি অভিভাৱকহীনভাৱে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় চৌহদৰ মুকুলি আকাশৰ তলত পৰি থকা পৰিলক্ষিত হৈছে ।

কোনো যত্ন অবিহনে ৰ'দ বৰষুণে বাহনখনৰ যন্ত্ৰাংশসমূহ মামৰে ধৰি জহি-খহি যাবলৈ আৰম্ভ কৰিছে । অথচ চিকিৎসালয়খনত কোনো ৰোগীৰ মৃত্যু হ'লে বা পুলিচৰ দ্বাৰা কোনো মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত চিকিৎসালয়ৰ পৰা মৃতদেহ ঘৰলৈ নিবলৈ নিকটতম আত্মীয়সকলে বাহনৰ কাৰণে হাহাকাৰ কৰিব লগা হয় ।

এই সুবাদতে বুজন পৰিমাণৰ টকা দাবী কৰি ব্যক্তিগতখণ্ডৰ বাহন চালকসকলে মৃতদেহ কঢ়িয়াই নিয়ে । তেনেক্ষেত্ৰত একপ্ৰকাৰ চৰকাৰী ধন খৰচ কৰি এনেধৰনৰ মৃতদেহ কঢ়িয়াই নিয়া বাহন মুকলি আকাশৰ তলত পেলাই নষ্ট কৰাৰ কোনো যুক্তি নাই বুলি জেএচবি অসামৰিক চিকিৎসালয়ত অহা ভুক্তভোগীসকলে প্ৰশ্ন উত্থাপন কৰিছে ।

মঙলবাৰে এই সন্দৰ্ভত চিৰাঙৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেহেনা বেগমক প্ৰশ্ন কৰাত তেখেতে কয়- 'এই স্বৰ্গৰথ বাহনখন যোৱা বছৰ বিটিচি প্ৰশাসনৰ পৰা আমাৰ এই জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছিলে । বিটিচি প্ৰশাসনৰ স্বাস্থ্য বিভাগৰ সঞ্চালকৰ পৰা দিয়া নিৰ্দেশনা অনুযায়ী এই মৃতদেহ কঢ়িওৱা স্বৰ্গৰথ বাহনখন পৰিচালনা জিলা স্বাস্থ্য বিভাগৰ বিপৰীতে কোনো এনজিওৰ দ্বাৰাহে পৰিচালিত কৰা হ'ব কিন্তু আমাৰ চিৰাঙৰ এই মৃতদেহ কঢ়িওৱা স্বৰ্গৰথ বাহনখনৰ পৰিচালনা কৰিবলৈ তেনেকুৱা উপযুক্ত এনজিও আগবাঢ়ি নহাৰ কাৰণে এইদৰে পৰি আছে যিটো আমি বিচৰা নাছিলো' বুলি সদৰি কৰে ।