বড়োলেণ্ড

তামুলপুৰৰ মৃৎ শিল্পীসকল ব্যস্ত দীপাৱলীৰ প্ৰস্তুতিত

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী ৷ এনে এক সময়ত ৰাজ্যৰ আন আন ঠাইৰ লগতে তামুলপুৰতো দিপাৱলীক লৈ মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰিছে ৷

তামুলপুৰৰ বিনোৱাপুৰৰ পালবস্তীত এতিয়া সীমাহীন ব্যস্ততা শিল্পটোৰ সৈতে জড়িত পুৰুষ-মহিলাসকলৰ ৷ শিল্পীসকলে দিনে-নিশাই মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত ৷ চাক ঘুৰাই শ শ মাটিৰ সৰু বৰ চাকি তৈয়াৰ কৰাৰ উপৰিও দিপাৱলীত ব্যৱহৃত পূজা পাতলৰ বাবে প্ৰয়োজনীয় মাটিৰ বাচন তৈয়াৰ কৰি আছে শিল্পীসকলে ৷

পৰম্পৰাগতভাৱে গাঁওখনৰ ১০/১৫টা পৰিয়ালে আজু ককাৰ দিনৰে পৰাই শিল্পটোৰ লগত জড়িত যদিওঁ সম্প্ৰতি বয়-বস্তুৰ চৰা দামে শিল্পটোৰ সৈতে জড়িত লোকসকলক কিছু চিন্তিত কৰি তুলিছে ৷ শিল্পটোত ব্যৱহাৰ কৰা মাটি চৰা দামত গুৱাহাটীৰ আশ পাশৰ পৰি নতুবা পাঠশালাৰ পৰা গাড়ীৰে আনিব লাগে ৷

মাটিৰ চৰা দাম হোৱাত সমস্যাত পৰিছে যদিওঁ শিল্পীসকলে নিজৰ শিল্প কৰ্ম চলাই আহিছে ৷ তামুলপুৰৰ ১০/১৫খন হাট বজাৰত মাটিৰ চাকি বিক্ৰী কৰি আহিছে ৷ শিল্পটোক জীয়াই ৰাখিবলৈ চৰকাৰী সাহায্যৰে বাবেও আহ্বান জনাইছে শিল্পী সকলে ৷