তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ ৬১ সংখ্যক ৰঙালী বিহুৰ কাৰ্যসূচী আৰম্ভ... 
বড়োলেণ্ড

তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ ৬১ সংখ্যক ৰঙালী বিহুৰ কাৰ্যসূচী আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলা সদৰস্থ তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অইন বছৰৰ দৰে এইবেলিও শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ প্ৰাংগণত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৬১ সংখ্যক ৰঙালী বিহুৰ অনুষ্ঠআন। কাৰ্যসূচী অনুসৰি ১৭ এপ্ৰিল, ৪ ব'হাগৰ পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চমেন পাঠকে।

৯.৩০ বজাত স্মৃতিতৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে ক্ৰমে তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ সভাপতি ডা° ৰমেন কুমাৰ কাকতিয়ে। বিহুৰ মুখ্য তোৰণ উন্মোচন কৰে পৌৰপতি বাণীকান্ত বসুমতাৰীয়ে।

ৰভাতলী মুকলি কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতি দয়াল দাসে। পাছত আশীৰ্বাদ অনুষ্ঠান আৰু বিহু উপলক্ষে প্ৰকাশ কৰি উলিওৱা “ৰঙিলী” উন্মোচন কৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ন চন্দ্ৰ ব্ৰহ্মই ৷ দিনৰ ভাগত পৰম্পৰাগত খেলধেমালি প্ৰতিযোগিতা, বিহুৱান প্ৰতিযোগিতা দুই বজাত জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ দিহা কৰা হ'ব ৷

বিয়লি ৩ বজাত মুকলি বিহু আৰু বৈশাগু নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ ৰাজ্যিক পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালানকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেবাগৰাকী বিশিষ্ট লোক।

সন্ধিয়া সৰু বিহুৱতী প্ৰতিযোগিতা নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব ৷ সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়োৱে। ৫ ব’হাগ ১৮ এপ্ৰিলৰ দিনা পুৱা মাৰাথান দৌৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা. কামৰূপী লোকগীত, ভেশচন প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ’ব।

সাংস্কৃতিক সন্ধিয়া ৰ শুভাৰম্ভ কৰিব তামুলপুৰৰ সু-সন্তান তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ অনুষ্ঠানত অতিথিৰ আসন অলংকৃত কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ কুমাৰ দে, ড° ধৰ্মনাৰায়ণ দাস, ৰনেন্দ্ৰ নাৰ্জাৰী এম চি এল এ বিজিত গৗৰা নাৰ্জাৰী প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰী, চণ্ডী বসুমতাৰীকে ধৰি তামুলপুৰৰ সাহিত্য, সংস্কৃতি, ক্ৰীড়া, শৈক্ষিক আৰু সমাজজীৱনৰ সৈতে জড়িত কেবাগৰাকী বিশিষ্ট লোক। সাংস্কৃতিক সন্ধিয়াত অসমৰ বিশিষ্ট সংগীত শিল্পী কুসুম কৈলাসৰ লগতে ৰবীন বড়োৰ সংগীতানুষ্ঠান পৰিবেশন কৰা হ’ব।