বড়োলেণ্ড

তামুলপুৰ শংকৰদেৱ বিদ্যা নিকতনৰ উত্তীৰ্ণৰ হাৰ ১০০%...

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এক আশাতীত ফল দেখুৱাবলৈ সক্ষম হৈছে তামুলপুৰ জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতনে । শিক্ষানুষ্ঠানখনৰ প্ৰধান আচাৰ্য জীৱন কলিতাই সংবাদ মাধ্যমক জনোৱা মতে এই বৰ্ষত নিকেতনখনৰ পৰা মুঠ ৬২ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ফলাফল অনুসৰি ৬২ গৰাকী ছাত্ৰ ছাত্ৰীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সমৰ্থ হৈছে ।

এইসকল ছাত্ৰ ছাত্ৰীৰ ১০ গৰাকীয়ে ডিষ্টিংচন লাভ কৰাৰ বিপৰীতে ২৭ গৰাকীয়ে লাভ কৰে ষ্টাৰ মাৰ্ক । ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত পাৰ্থ প্ৰিয়ম শৰণীয়াই সাধাৰণ গণিত আৰু উচ্চ গণিতত ১০০নম্বৰেৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে প্ৰিয়াংশু কাকতিয়ে উচ্চ গণিতত ১০০নম্বৰেৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে ।

ইয়াৰ উপৰি ইংৰাজীত ২৩গৰাকী, সাধাৰণ গণিতত ১৮গৰাকী, সাধাৰণ বিজ্ঞানত ৩৪গৰাকী, সমাজ বিজ্ঞানত ৪৬গৰাকী, অসমীয়াত ২২গৰাকী, সংস্কৃতত ৪৩গৰাকী আৰু উচ্চ গণিতত ৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰে ।