বড়োলেণ্ড

বিটিআৰত শিক্ষক নিযুক্তি সমাৱেশ সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে আয়োজিত নিযুক্তি সমাৱেশৰ জৰিয়তে বিটিচিৰ শিক্ষা বিভাগে ৯০০ গৰাকী টেট শিক্ষকক নিযুক্তি প্ৰদান কৰিছে। ইয়াৰে নিম্ন বুনিয়াদী বিদ্যালয়ত সহ: শিক্ষক হিচাপে অসমীয়া মাধ্যমত ৩৬৯গৰাকীৰ নিযুক্ত প্ৰদান কৰে।

একেদৰে বড়ো মাধ্যমত ২৫৮ জন , মধ্য ইংৰাজী বিদ্যালয়ৰ কলা শাখাত সহ:শিক্ষক হিচাপে অসমীয়া মাধ্যমত ৮৩ জন , বড়ো মাধ্যমত ৭৮জনক নিযুক্তি দিয়ে। আনহাতে মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শাখাত সহ:শিক্ষক হিচাপে অসমীয়া মাধ্যমত ২১ জনক নিযুক্তি দিয়া হয়।

বড়ো মাধ্যমত ৮ জন শিক্ষকক নিযুক্তি দিয়াৰ লগতে হিন্দী , বেংগলী আদিকে ধৰি সৰ্বমুঠ ৯০০ গৰাকী শিক্ষককো আজি প্ৰমোদ বড়ো নেৰ্তৃত্বাধীন বিটিচি চৰকাৰে নিযুক্তি প্ৰদান কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজ হাতেৰে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে।

নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত বিটিচিৰ শিক্ষা বিভাগৰ মূৰব্বীসকল , বিটিচিৰ কাৰ্যবাহী সদস্যসকল উপস্তিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত প্ৰমোদ বড়োৱে কয় যে সম্পূৰ্ণ মেধাৰ ভিত্তিত টেট শিক্ষকসকলক নিযুক্তি দিয়া হৈছে । শিক্ষাৰ সতে জড়িত নিকা ভাবমূৰ্তিৰ এক বিশেষজ্ঞ কমিটিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে আৰু ইয়াত মেধাক অগ্ৰাধিকাৰ দিয়া হৈছে।

নিযুক্তি প্ৰক্ৰিয়াক লৈ বহুতে সামাজিক মাধ্যমত সমালোচনা কৰিছে যদিও চৰকাৰে কাৰো বেয়া হোৱাকৈ বা ক্ষতি হোৱাকৈ কাম নকৰে । চৰকাৰে সকলোৰে ভালৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু সম্পূৰ্ণ নিয়মানুসৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া হৈছে।

ইয়াৰোপৰি ১৯৯৯ চনৰ ৩১৪ গৰাকী শিক্ষকৰ চাকৰিও নিয়মীয়াকৰণৰ কৰা হ'ল আৰু অচিৰেই বিটিআৰত পুনৰ নতুন টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি সদৰী কৰে প্ৰমোদ বড়োৱে ।

২০১৭ চনৰ পিছত আজি নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলক অভিনন্দন জনাই প্ৰমোদ বড়োৱে শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়েও সোঁৱৰাই দিয়ে । তদুপৰি পুনৰাই ৮০০ শিক্ষক পদৰ বাবে এচআইইউ এপ্ৰোভেল বিচাৰি অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি সদৰী কৰে প্ৰমোদ বড়োৱে ।

আনহাতে বিটিআৰ চুক্তিৰ ৬.৩ দফা ৰপায়ন সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে ইতিমধ্যে বিটিআৰ চুক্তিৰ ভিত্তিত ১০ খন কলেজ প্ৰাদেশীকৰণ হ'ল । বিটিচি চৰকাৰৰ তৰফৰ পৰা নিম্ন প্ৰাথমিক , মধ্য ইংৰাজী , উচ্চতৰ মাধ্যমিক অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এখন নিৰ্বাচিত তালিকা প্ৰাদেশীকৰণৰ বাবে অসম চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।

অসম চৰকাৰে বিদ্যালয় প্ৰাদেশীকৰণ আইন অনুসৰিহে বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰে । অহা বাজেট অধিবেশনত প্ৰয়োজনীয় বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ।

আনহাতে কেবাজনো শিক্ষকে নিযুক্তি সন্দৰ্ভত ভুৱা তথ্য দি ছচিয়েল মিডিয়াত আপলোড কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱা হ'ব বুলি সদৰী কৰে প্ৰমোদ বড়োৱে।

ইপিনে শিক্ষক নিযুক্তিৰ পূৰ্বে খেলি-মেলিৰ অভিযোগ তুলি আজি পুৱা একাংশ বঞ্চিত প্ৰাৰ্থীয়ে বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাৱ্যস্ত কৰা পৰিলক্ষিত হয় । প্ৰাৰ্থীসকলে নিযুক্তি প্ৰক্ৰিয়াত  ব্যাপক খেলি-মেলি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তেঁওলোকে কয় যে ২১ আগষ্টত নিযুক্তিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছিল আৰু উক্ত দিনাই নতুন নতুন নিয়ম ধাৰ্য্য কৰি জাননী জাৰি কৰিছে। একেটা নামকে দুবাৰকৈ নিৰ্বাচিত কৰাৰ অভিযোগ তুলি বঞ্চিত প্ৰাৰ্থী একাংশই একেগৰাকী প্ৰাৰ্থীৰ পিতৃৰ নাম বেলেগ বেলেগ কৈ দুবাৰ নিৰ্বাচিত হোৱাৰ অভিযোগ উত্থাপন কৰে ।

ভাষা ১ আৰু ভাষা ২ একে হ'ব লাগিব বুলি নিয়ম বান্ধি দিয়াৰ বাবে বহু প্ৰাৰ্থী বঞ্চিত হোৱাৰ অভিযোগ তুলি বিটিচি টেটত বিটিচিৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মন , বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক জে পি ব্ৰহ্ম , বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, গৌতম দাস, ধৰ্মনাৰায়ন দাস , দাওবৈছা বড়ো আদিকে ধৰি আন বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে । আনহাতে নিযুক্তি পত্ৰ লাভ কৰাৰ পিছতে প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ বন্যা বয়। লগতে প্ৰমোদ বড়ো চৰকাৰৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।