বড়োলেণ্ড

অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ কেন্দ্ৰীয় নেতৃবৃন্দই ঘোষণা কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। অবড়ো নেতা জোন দাসক অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ কোকৰাঝাৰৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে ।

উল্লেখ যে বিটিআৰবাসী অবড়ো ৰাইজৰ হৈ প্ৰতিটো সমস্যাৰ বিষয়ে সততে মাত মাতি এক সুকীয়া পৰিচয় লাভ কৰিছিল অবড়ো নেতা জোন দাসে। বিগত ১২ বছৰ ধৰি এই সংগ্ৰামৰ লগত জড়িত জোন দাসে বৰ্তমানে অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।