বড়োলেণ্ড

প্ৰতীক্ষাৰ অন্ত ! আনুষ্ঠানিকভাৱে বৰমাক নগৰ হিচাপে ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাত নতুনকৈ ঘোষণা হ'ল এখন নগৰ। বহু দিনৰ জল্পনা-কল্পনাৰ অন্তত বৃহস্পতিবাৰে বৰমাত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই বৰমাখন আজিৰে পৰা টাউন হ'ল বুলি ৰাজহুৱাকৈ ঘোষণা কৰে।

দহটা ৱাৰ্ড লৈ গঠন হোৱা টাউন সমিতিখন অতি শীঘ্ৰে গঠন কৰা হ'ব বুলি জানিব দিয়ে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই । বৰমা পূৱ চ'কত এখন ৰাজহুৱা সভাত টাউন ঘোষণা কৰি আনন্দ-উল্লাহ কৰি বোমা ফুটাই বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই উপস্থিত ৰাইজক মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰে।

টাউন কমিটিৰ জৰিয়তে বৰমাৰ সমস্যা সমাধান হ'ব বুলি তেওঁ কয়। ইপিনে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভা, বৰমা বিয়াব দুলাৰায় বাথৌ গৌথুম, বৰমা দখৰা দুলাই বড়ো ফৰায়ছা আফাদৰ লগতে বৰমাৰ বিভিন্ন দল সংগঠন যৌথভাৱে সংবাদমেলৰ জৰিয়তে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে নতুনকৈ গঠন হ'বলগীয়া টাউন কমিটিখন যাতে ভালদৰে কাম কৰে তাৰ বাবে আহ্বান জনায় ৷