মানৱ সৰবৰাহকাৰীৰ ৰূপত গাঁওৰক্ষী বাহিনীৰ সভাপতিঃ দুই নাবালিকাক নিৰ্যাতন 
বড়োলেণ্ড

মানৱ সৰবৰাহকাৰীৰ ৰূপত গাঁওৰক্ষী বাহিনীৰ সভাপতিঃ দুই নাবালিকাক নিৰ্যাতন

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ ছিদলী থানা এলেকাৰ মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ বিৰুদ্ধে দুগৰাকীকৈ নৱম শ্ৰেণীৰ ছাত্ৰীক বহিঃৰাজ্যত কাম দিয়াৰ ছলেৰে ঘৰৰ পৰা মাতি নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ছিদলী থানাৰ অন্তৰ্গত মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি তথা বিবাহিত জহৰউদ্দিন দেৱানে পূৰ্ব পৰিকল্পনা অনুসৰি কাশিকোত্ৰা এলেকাৰ দুগৰাকী কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাবালিকাক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এজনী সহপাঠীৰ জৰিয়তে ফুচুলাই যোৱা ২০ আগষ্টৰ দিনা বিয়লিৰ ভাগত মোজাবাৰী গাঁৱলৈ নি ৰাতি এঘৰত ৰাখে আৰু ওচৰৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৌশলপূৰ্ণ ভাবে মাতি লৈ নাবালিকা দুজনীক যৌন নিৰ্যাতন চলায়।

২১ আগষ্ট তাৰিখে সংখ্যালঘু অধ্যুষিত এলেকাৰ এঘৰত দুজনীকৈ হিন্দু নাবালিকা আহি নিশা কটোৱাৰ কথা স্থানীয় এবিএমছুৰ সদস্যসকলে সম্ভেদ লাভ কৰি দুই নাবালিকাক প্ৰথমে সোধপোছ কৰে আৰু বহিঃৰাজ্যত কাম কৰাৰ কথাৰে তেওঁলোকক মাতি অনাৰ কথা জানিব পাৰি নাবালিকা দুগৰাকীৰ অভিভাৱকক ফোন যোগে খবৰ দি পৰিয়ালৰ হাতত গতাই দিয়ে ।

ইপিনে বৃহস্পতিবাৰে দিনটোত সমগ্ৰ বিষয়টোক লৈ নাবালিকা দুগৰাকীৰ অভিভাৱকে কি কৰিব কি নকৰিব কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰি আজি বিভিন্ন কোচ-ৰাজবংশীয় দল, সংগঠনৰ পৰামৰ্শত ছিদলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিভাৱক ফালৰ পৰা অভিযোগ পোৱাৰ পিছত চিৰাং আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত ছিদলী থানাৰ আৰক্ষীয়ে দুই নিৰ্যাতিতা নাবালিকাক সোধপোছ কৰে ।

তেওঁলোকৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দল মোজাবাৰী গাঁৱত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বাতৰি যুগুত কৰা মুহূৰ্তলৈকে অভিযুক্ত জহিৰউদ্দিন দেৱানে নিজৰ মোবাইল ফোন বন্ধ কৰি ঘৰৰ পৰা পলাই আছে।

ইপিনে এই সমগ্ৰ ঘটনাক লৈ ছিদলী এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য বিক্ৰমজিত ৰায়ে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এই ঘটনাৰ আঁৰত এটা শক্তিশালী মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত হৈ আছে।

জহিৰউদ্দিন দেৱান নামৰ অভিযুক্ত জন উক্ত মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত আছে বুলি আশংকা ব্যক্ত কৰে। ইপিনে আক্ৰাছুৰ নেতা প্ৰাঞ্জল চৌধুৰীয়ে সমগ্ৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু এই নাবালিকা দুজনীৰ সৈতে যৌন নিৰ্যাতন চলোৱা গাওঁৰক্ষী বাহিনীৰ সভাপতি জহিৰউদ্দিন দেৱানক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

ইপিনে বিটিআৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক বাপুকণ বৰ্মনে এই মানৱ সৰবৰাহকাৰী তথা নাবালিকাক যৌন নিৰ্যাতন চলোৱা জহিৰউদ্দিন দেৱানক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে নহ'লে এই ঘটনাৰ প্ৰতিবাদত আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ কথা সদৰি কৰে ।