ওদালগুৰিত আৰক্ষীৰ বেহু ফালি আছুৰ জোৰ সমদল... 
বড়োলেণ্ড

ওদালগুৰিত আৰক্ষীৰ বেহু ফালি আছুৰ জোৰ সমদল...

Asomiya Pratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ কটকটীয়া আৰক্ষীৰ বেহু ফালি ওদালগুৰিত জিলা ছাত্ৰ সন্থাই 'কা' বিৰোধী জোৰ সমদল সফল কৰিবলৈ সক্ষম হয়। আছুসহ ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি ওদালগুৰিতো বাহিৰ কৰা হয় 'কা' বিৰোধী জোৰ সমদল।

এই প্ৰতিবাদৰ আগতীয়া উমান পাই ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটি বিশাল আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ দলে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ কেউফালৰ পথ ঘেৰাও কৰি ৰাজপথলৈ নমাত বাধা দি একপ্ৰকাৰে কাৰ্যালয়ৰ চৌহদতে আছুকৰ্মীসকলক আৱদ্ধ কৰি ৰখাৰ পৰিকল্পনা কৰে।

কিন্তু জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে কৌশলপূৰ্ণভাৱে দুটা ভাগত বিভক্ত হৈ আৰক্ষী বেহু ফালি আন পথেৰে গৈ ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত প্ৰতিবাদকাৰীসকলে হাতে হাতে জোঁৰ লৈ "কা আমি নামানো, অসম চৰকাৰ হুচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব হুচিয়াৰ, অমিত শ্বাহ হুচিয়াৰ" ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উপস্থিত প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ফেচিবাদী শাসনক গৰিহনা দিয়ে। আজিৰ এই প্ৰতিবাদী জোৰ সমদলত আছু নেতা জয়ন্ত কুমাৰ ভট্টাচাৰ্য, জিলা ছাত্ৰ সন্থাৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে বিতোপন দাস, মাধুৰ্য শৰ্মাকে ধৰি জিলাখনৰ কেইৱাখনো আঞ্চলিক সমিতিৰ দুই শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে।