বড়োলেণ্ড

ওদালগুৰিত ভাৰতীয় দণ্ডবিধি আইনৰ নীতি-নিয়মৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদমেল...

Asomiya Pratidin

ডিজিটেল, সংবাদ, ওদালগুৰিঃ অহা পহিলা জুলাইৰ পৰা পৰা অতীত হবলৈ গৈ আছে ভাৰতীয় দণ্ডবিধি আইনৰ নীতি-নিয়ম। ইয়াৰ লগতে আন কেইবাটাও নতুন ধাৰা সন্নিৱিষ্ট কৰা হব। বৰ্তমানৰ আইপিচিৰ সলনি আহিব ভাৰতীয় ন্যায় সংহিতা চমুকৈ বিএনএছ, চিআৰপিচিৰ বিলুপ্তি ঘটাই আৰম্ভ হব ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, লগতে ইণ্ডিয়ান ইভিডেঞ্চ এক্টৰ সলনি বলৱৎ হব বিএছএ আইন। এই সন্দৰ্ভত আজি ওদালগুৰি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকৰে এক আলোচনাত মিলিত হয় জিলা আৰক্ষী অধীক্ষক পুস্কিন জৈন।

তেখেতে আগন্তুক পহিলা জুলাইৰ পৰা বলৱৎ হবলগীয়া আইনৰ এই নতুন দিশ সন্দৰ্ভত ব্যাখ্যা কৰে। বিশেষকৈ বিএনএছ, বিএনএছএছ আৰু বিএছএৰ কেইবাটাও ইতিবাচক দিশৰ কথা উল্লেখ কৰি কয়, "ইয়াৰ জৰিয়তে ধৰ্ষণত অভিযুক্তসকল কোনো কাৰণত সাৰি যাব নোৱাৰে, গণ ধৰ্ষণত জৰিতসকলৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ দৰে ৰায়ও প্ৰদান কৰিব পাৰে ন্যায়ালয়ে। আইনৰ এই নতুন ব্যৱস্থা সমূহৰ জৰিয়তে কোনো এক ঘটনাত জৰিত দোষীয়ে শাস্তি লাভৰ সমান্তৰালভাৱে ভূক্তভোগীগে সম পৰিমাণে আৰু সোনকালে ন্যায় লাভৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াত ডিজিটেল আৰু বিজ্ঞানসন্মত তদন্তৰ ওপৰতো গুৰুত্ব আৰোপ কৰি অতি কম সময়ৰ ভিতৰত উপযুক্ত ন্যায় প্ৰদানৰ দিশটোক প্ৰাধান্য দিয়া হৈছে। কেৱল ১২ বছৰৰ নাৱালিকাই নহয়, ১৭ বছৰ বয়সৰ কিশোৰীৰ ধৰ্ষণ কাণ্ডত জৰিত সকলক সৰ্বোচ্চ ফাচীৰ নিৰ্দেশ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।"

ইফালে ভুক্তভোগীসকলৰ বাবে থকা ইতিবাচক দিশৰ কথা উল্লেখ কৰি জৈনে কয়, "এতিয়াৰ পৰা ভাৰতৰ যিকোনো ঠাইত সংঘটিত ঘটনৰ এফআইআৰ দেশৰ অন্য প্ৰান্তৰ থানা এখনতো দাখিল কৰিব পাৰিব। ফলত এজাহাৰ দাখিল কৰা থানাৰ কৰ্তৃপক্ষই ভুক্তভোগীক প্ৰাথমিক তদন্ত তথা প্ৰাথমিক চিকিৎসা তৎক্ষণাৎ কৰিব। পৰৱৰ্তী সময়ত ঘটনা সংঘটিত হোৱা এলেকাৰ অধীনস্থ থানখনলৈ গোচৰটো ট্ৰেনস্ফাৰ কৰা হব। নতুনকৈ বলৱৎ হৱলগীয়া ব্যৱস্থাৰ জৰিয়তে প্ৰতিগৰাকী এজাহাৰকাৰীক আৰক্ষীয়ে ৯০ দিনৰ মুৰে মুৰে তদন্ত কি পৰ্যায়ত আছে সেয়া অৱগত কৰাই থাকিব লাগিব। তদন্তৰ ক্ষেত্ৰত অভিযুক্তক কৰা সোধ-পোচ কাৰ্যৰ সম্পূৰ্ণ ভিডিঅ ৰেকৰ্ডিং থাকিব লাগিব। এতিয়াৰ পৰা পলাতক অভিযুক্তৰ ক্ষেত্ৰত আদালতে শুনানিৰ দিন পিছুৱাই থকাৰ পৰিৱৰ্তে আদালতে তাৰিখ অনুসৰি নিজৰ কাম চলাই নিব। কোনো গোচৰ সন্দৰ্ভত এটা পক্ষ অনুপস্থিত থাকিলে আনটো পক্ষৰ উপস্থিতিত আদালতে নিজৰ কাম চলাই নিব পাৰিব।

ইফালে আইনৰ দ্বাৰা নিষেধ থকা বন্যপ্ৰাণী হত্যা কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড হোৱাৰ কথাও উল্লেখ কৰে। আন এক উল্লেখযোগ্য ব্যৱস্থাৰ কথা উল্লেখ কৰি সামূহিক সেৱাৰ শাস্তিৰ কথাও উল্লেখ কৰে। যদি কোনো সৰু ঘটনা সন্দৰ্ভত অভিযুক্তই নিজেই দোষ স্বীকাৰ কৰি আইনৰ সন্মুখত হাজিৰ হয় তেন্তে তেওঁক অন্য কাৰাখাৰ বা জৰিমণা শাস্তিৰ সলনি সশ্ৰম সেৱাৰ দৰে শাস্তি প্ৰদানৰ ব্যৱস্থা থকাৰ কথাও উল্লেখ কৰে। এই সন্দৰ্ভত ওদালগুৰি জিলাৰ প্ৰতিখন আৰক্ষী থানাতে পহিলা জুলাইত সজাগতা অনুষ্ঠান অনুস্থিত কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। আজিৰ এই মতামত অনুষ্ঠানত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষসকলো উপস্থিত থাকে।