ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দানঃ এজনক যাৱজ্জীৱন কাৰাদণ্ড  
বড়োলেণ্ড

ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দানঃ এজনক যাৱজ্জীৱন কাৰাদণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি হত্যাৰ অপৰাধত এজন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে। উল্লেখ্য যে, এই হত্যাকাণ্ড সংঘটিত হৈছিল ২০২২ চনৰ ৪ মাৰ্চ তাৰিখে ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নম্বৰ গৰুৱাঝাৰত।

গাওঁখনৰ মালু পাহাৰীয়াই পৰিয়ালৰ সদস্য ক্ৰমে পত্নী আৰু নিজ কন্যাৰ সৈতে ঘৰত বহি থকাৰ সময়তে ভাতৃ চনু পাহাৰীয়াই প্ৰথমে পৰিয়ালটোৰ মুৰব্বী মালু পাহাৰীয়াক অতৰ্কিতে কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰে। ইয়াৰ লগে লগে হত্যাকাৰীয়ে আন দুগৰাকী সদস্যকো আক্ৰমণৰ চেষ্টা কৰে‌ যদিও কথমপি প্ৰাণ ৰক্ষা পৰে।

ইয়াৰ পাছত ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পত্নীয়ে পানেৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

পৰৱৰ্তী সময়ত উক্ত গোচৰটো ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতত ১৭/২২ নম্বৰত ৰুজু কৰি শুনানি প্ৰক্ৰিয়া অব্যাহত ৰাখে। কেইবাটাও শুনানিৰ অন্তত আজি এন এছ দেউৰীৰ আদালতে হত্যাকাৰী চনু পাহাৰীয়াক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমণা বিহে।